ছ’চিয়েল মেডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া, সম্পৰ্ক ৰাজহুৱা কৰাৰ আহ্বান অনুৰাগীৰ

‘বি টাউন’ৰ শেহতীয়া এক খবৰটো এতিয়া চৌদিশে তীব্ৰ চৰ্চা লাভ কৰিছে।হয়, শীঘ্ৰেই অভিনেতা বিকি কৌশলৰ ভাতৃ ছানী কৌশলৰ লগত বিবাহপাশত আবদ্ধ হ’ব কেটৰীনা কাইফৰ ভগ্নী ইছাবেল কাইফ।যেন এয়া সূৰজ বৰজাতিয়াৰ ছুপাৰহিট ছবি ‘হাম আপকে হে কৌন’ৰ কাহিনীহে !

author-image
Asomiya Pratidin
New Update
ছ’চিয়েল মেডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া, সম্পৰ্ক ৰাজহুৱা কৰাৰ আহ্বান অনুৰাগীৰ

ডিজিটেল ডেস্ক: ‘বি টাউন’ৰ শেহতীয়া এক খবৰটো এতিয়া চৌদিশে তীব্ৰ চৰ্চা লাভ কৰিছে।হয়, শীঘ্ৰেই অভিনেতা বিকি কৌশলৰ ভাতৃ ছানী কৌশলৰ লগত বিবাহপাশত আবদ্ধ হ’ব কেটৰীনা কাইফৰ ভগ্নী ইছাবেল কাইফ।যেন এয়া সূৰজ বৰজাতিয়াৰ ছুপাৰহিট ছবি ‘হাম আপকে হে কৌন’ৰ কাহিনীহে ! 

Advertisment

দীৰ্ঘদিনৰ পৰাই ইছাবেল কাইফ আৰু ছানী কৌশলৰ সম্পৰ্ক চলি থকা বুলি চৰ্চা চলি আহিছে। বহু সময়ত তেওঁলোক দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈও ইছাবেল আৰু ছানীক পুনৰ একেলগে মুম্বাইৰ বান্দ্ৰাত দেখা গ’ল। তেওঁলোকৰ ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

বহুতেই তেওঁলোকৰ এই সম্পৰ্কৰ নাম কি, তাক লৈও প্ৰশ্ন উত্থাপিত কৰিছে। আন একাংশই তেওঁলোক দুয়োকে বিবাহ পাশত আবদ্ধ হ’বলৈ পৰামৰ্শ দিছে। বহুতেই আকৌ এই দুই অভিনেতা-অভিনেত্ৰীৰ যুটি বিকি-কেটৰিনাৰ দৰেই আকৰ্ষণীয় হ’ব বুলি মন্তব্য কৰিছে।ইফালে, ছানী কৌশলৰ ছৰৱৰী ৱাঘৰ সৈতে কি সম্পৰ্ক আছে, সেয়াও ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে একাংশ অনুৰাগীয়ে।

Also Read: নতুন আলহীক আদৰিবলৈ সাজু বিকি-কেটৰিনা