Advertisment

বহু যুৱতীৰ ‘সপোন কোঁৱৰ’ৰ মন্তব্যত তোলপাৰ ছ’চিয়েল মেডিয়া

'প্ৰেম কৰিবলৈ মোৰ সময় নাই।ইখনৰ পিছত সিখন ছবিৰ কামত ব্যস্ত হৈ থকাৰ বাবে মোৰ সময় নোহোৱা হৈছে।সেয়েহে মোক আৰু প্ৰেম-প্ৰেয়সীৰ কথা নুসুধিলে ভাল পাম।’ এই মন্তব্য বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্যনৰ।

author-image
Asomiya Pratidin
New Update
kartik aryan

ডিজিটেল ডেস্ক:‘সকলোয়ে মোক মোৰ প্ৰেয়সীৰ কথা সোধে।মই সঁচাকৈ কৈছো মোৰ কোনো প্ৰেয়সী নাই।আচলতে প্ৰেম কৰিবলৈ মোৰ সময় নাই।ইখনৰ পিছত সিখন ছবিৰ কামত ব্যস্ত হৈ থকাৰ বাবে মোৰ সময় নোহোৱা হৈছে।সেয়েহে মোক আৰু প্ৰেম-প্ৰেয়সীৰ কথা নুসুধিলে ভাল পাম।’ এই মন্তব্য বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়নৰ।

Advertisment

শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ‘ভুল ভুলেইয়া ৩’ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয় তথা নৃত্যৰ বাবে বিশেষভাৱে চৰ্চাত থকা কাৰ্তিকে এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে। তেওঁ লগতে কয়, ‘মই ‘চন্দু ছেম্পিয়ন’ ছবিখনৰ কামত ইমানেই ব্যস্ত হৈ পৰিছিলো যে পৰিয়ালকো সময় দিব নোৱাৰা হৈছিলো। মই এজন খেলুৱৈৰ দৰে মোৰ জিম, খোৱা আৰু শুবলগীয়া হৈছিল। ‘ভুল ভুলেইয়া ৩’ৰ প্ৰচাৰটো আছেই।’

ইফালে প্ৰেম কৰিবলৈ সময় নাই বুলি মন্তব্য কৰাৰ পাছতেই ছ’চিয়েল মেডিয়াত এই বিষয়টোক কেন্দ্ৰ কৰি খুব চৰ্চা চলিছে।অধিকাংশৰ মতে কাৰ্তিক আৰ্য়নৰ প্ৰেয়সী আছে, কিন্তু তেওঁ সেই বিষয়ে অনুৰাগীক জনাবলৈ বিচৰা নাই।অৱশ্যে কিয় তেওঁ এই বিষয়ে মুকলিকৈ ক’বলৈ বিছৰা নাই সেয়া অৱশ্যে বৰ্তমানেও এক সাথৰ হৈয়ে ৰৈছে।

কাৰ্তিকৰ ছবি ‘ভুল ভুলেইয়া ৩’য়ে বিশ্বজুৰি প্ৰায় ২০০ কোটিতকৈও অধিক সংগ্ৰহ কৰিছে। আনহাতে, চলিত বছৰৰ জুনত মুক্তিপ্ৰাপ্ত ‘চন্দু ছেম্পিয়ন’য়েও দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।‘চন্দু ছেম্পিয়ন’ কবীৰ খানৰ দ্বাৰা পৰিচালিত আৰু ‘নাদিয়াদৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট’ৰ অধীনত চাজিদ নাদিয়াদৱালাৰ দ্বাৰা প্ৰযোজিত এখন জীৱনীমূলক ক্ৰীড়া ছবি । এইখন ছবিত কাৰ্তিক আৰ্য়নে ভাৰতৰ প্ৰথম পেৰালিম্পিকস্বৰ্ণ পদক বিজয়ী মুৰলীকান্ত পেটকাৰৰ চৰিত্ৰত অভিনয় কৰিছে।

Also Read: সীমাৰ প্ৰেমিক বিক্ৰম প্ৰকৃততে কোন জানেনে ?