সীমাৰ প্ৰেমিক বিক্ৰম প্ৰকৃততে কোন জানেনে ?

বাবা ছিদ্দিকীৰ মৃত্যুৰ পিছত ছলমান খানৰ পৰিয়াল শিৰোনামত আছে।বিশেষ সুৰক্ষা দিয়া হৈছে ছলমানক আৰু তেওঁৰ পৰিয়ালৰ সদস্যকো ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো এক প্ৰকাৰ বন্ধ কৰি দিয়া হৈছে।

author-image
Asomiya Pratidin
New Update
সীমাৰ প্ৰেমিক বিক্ৰম প্ৰকৃততে কোন জানেনে ?

Sohail Khan's wife

ডিজিটেল ডেস্ক: বাবা ছিদ্দিকীৰ মৃত্যুৰ পিছত ছুপাৰষ্টাৰ ছলমান খানৰ পৰিয়ালটো বাতৰিৰ শিৰোনামত আছে।বিশেষ সুৰক্ষা দিয়া হৈছে ছলমান খানক আৰু তেওঁৰ পৰিয়ালৰ সদস্যকো ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো এক প্ৰকাৰ বন্ধ কৰি দিয়া হৈছে। যিসময়ত ছলমানৰ গোটেই পৰিয়ালে চৰম সংশয়ত দিন পাৰ কৰিছে, সেই সময়তে ছলমানৰ ভাতৃ ছোহেইল খানৰ প্ৰাক্তন পত্নী তথা ফেশ্বন ডিজাইনাৰ সীমা সাজদেহ নতুন প্ৰেমৰ বাবে চৰ্চাত আছে।

Advertisment

হয়, বিবাহৰ ২৪ বছৰৰ পিছত ছোহেল আৰু সীমাৰ বিচ্ছেদ ঘটাত সকলো একপ্ৰকাৰ আচৰিত হৈছিল। সীমাই এতিয়া আকৌ প্ৰেমত পৰিছে।তেওঁ নিজেই এই সম্পৰ্কৰ কথা নিশ্চিত কৰিছে। সীমা সজদেহে নেটফ্লিক্সৰ ট্ৰেণ্ডিং ৰিয়েলিটি শ্ব' 'ফেবুলাছ লাইভছ অফ বলীউড ৱাইভছ'ত প্ৰকাশ কৰিছে যে তেওঁৰ আকৌ প্ৰেম হৈছে। বিবাহ বিচ্ছেদৰ পিছত তেওঁ জীৱনত আগবাঢ়ি গৈছে।তেওঁ বিক্ৰম আহুজা নামৰ এজন ব্যক্তিৰ সৈতে 'ডেটিং' কৰি আছে। 

পিছে কোন এই বিক্ৰম আহুজা জানেনে ? বিক্ৰম হৈছে সীমাৰ প্ৰাক্তন প্ৰেমিক।বিক্ৰমৰ লগত বাগদান হোৱাৰ পাছতো ছোহেইলৰ সৈতে বিয়া হ'বলৈ সীমাই বিক্ৰমৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল। সীমাই ছোহেইলৰ সৈতে পলাই গৈ বিয়া পাতিছিল।ছোহেইল-সীমাৰ নিৰ্বাণ খান আৰু ইয়োহান খান নামৰ দুজন পুত্ৰ আছে।প্ৰাক্তন প্ৰেমিকৰে সৈতে পুনৰ সংসাৰ কৰাৰ সপোন দেখা সীমাই অৱশ্যে তেওঁলোকৰ বিবাহ কেতিয়া হ'ব, সেয়া বৰ্তমানলৈ ৰাজহুৱা কৰা নাই।

Also Read: ‘হটনেছ এলাৰ্ট’ৰ আঁৰৰ ব্যক্তিজনক আপুনিও জানি লওঁক