/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/314lwmyx/WhatsApp Image 2024-08-20 at 4.51.56 PM.jpeg)
kareena is a fan of Amrita
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী অমৃতা সিং আৰু ছেইফ আলী খানৰ বিবাহ বিচ্ছেদ বলীউডৰ আটাইতকৈ চৰ্চিত ঘটনাসমূহৰ ভিতৰত এক অন্যতম ঘটনা বুলি বিবেচনা কৰা হয়। তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদ দুয়োটাই সেই সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।আনকি দুয়ো দুয়োৰে জীৱনত আগবাঢ়ি যোৱাৰ পাছতো তেওঁলোকৰ চৰ্চা আজিও চলে। শেহতীয়াকৈও ছেইফৰ বৰ্তমানৰ পত্নী কৰীনা কাপুৰৰ এক সাক্ষাৎকাৰৰ পৰা পুনৰ অমৃতা আৰু ছেইফ চৰ্চালৈ আহিছে।
প্ৰকৃততে, ছ’চিয়েল মেডিয়াত কৰীনা কাপুৰ খানৰ এটা সাক্ষাৎকাৰ ভাইৰেল হৈছে। য’ত অভিনেত্ৰীগৰাকীয়ে কয়, 'মোৰ স্বামী ছেইফ বিবাহিত, তেওঁ দুই সন্তানৰ পিতৃ। মই এই কথাটোক সন্মান কৰো । মই তেওঁৰ পূৰ্বৰ পত্নী অমৃতা সিঙক কেতিয়াও লগ পোৱা নাই যদিও তেওঁৰ অনুৰাগী আছিলো। তেওঁৰ বহু ছবি মই উপভোগ কৰিছো। তেওঁ মোৰ জীৱনত সদায় এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব। কিয়নো তেওঁ ছেইফৰ প্ৰথম পত্নী আৰু তেওঁৰ সন্তানৰ মাতৃ। মই ছেইফ তথা আমাৰ পৰিয়ালটোৰ সৈতে তেওঁৰ এটা সুসম্পৰ্ক থকাটো বিচাৰো।আনকি মোৰ লগতো তেওঁৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকাটো মই বিচাৰো।সকলো সম্পৰ্কৰ মাজত সন্মান থকাটো খুবেই জৰুৰী।সেয়েহে মই প্ৰতিটো সম্পৰ্কক সন্মানৰ দৃষ্টিৰে চাও।যিটো মোৰ পিতৃ-মাতৃয়ে মোক শিকাইছে।’
উল্লেখ্য যে, ১৯৯১ত জনপ্ৰিয় অভিনেত্ৰী অমৃতা সিং আৰু অভিনেতা ছেইফ আলী খান বিবাহ পাশত আৱদ্ধ হৈছিল। এই বিবাহত বয়সৰ ব্যৱধান আছিল। অমৃতা সিং ছেইফ আলী খানতকৈ ১২ বছৰ ডাঙৰ আছিল। অমৃতা সেই সময়ৰ বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী আছিল, আনহাতে ছেইফে তেতিয়া তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১৩ বছৰ সংসাৰ কৰি ২০০৪ চনত অমৃতা আৰু ছেইফৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পাছতে প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা কৰীনা কাপুৰৰ সৈতে ছেইফৰ দ্বিতীয় বিবাহ হয়। বৰ্তমান ছেইফ আৰু কৰীনা দুই পুত্ৰ সন্তানৰ পিতৃ-মাতৃ।
অৱশ্যে, কৰীনাৰ এই সাক্ষাৎকাৰৰ ভিডিঅ’টো কিছু বছৰৰ পুৰণি। কিন্তু ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ বাবে এই বিষয়টো পুনৰ চৰ্চালৈ আহিছে।