চৰম মনোকষ্ট ভূগিছে কমেডিয়ান কপিল শৰ্মাই

সৰু-বৰ সকলো বয়সৰ লোকৰ মাজত অতি বেছি জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাৰ এতিয়া বেয়া দিন চলিছে।

author-image
Asomiya Pratidin
New Update
চৰম মনোকষ্ট ভূগিছে কমেডিয়ান কপিল শৰ্মাই

ডিজিটেল ডেস্ক : সৰু-বৰ সকলো বয়সৰ লোকৰ মাজত অতি বেছি জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাৰ এতিয়া বেয়া দিন চলিছে।পত্নীৰ সৈতেই একো কথাই নিমিলা হৈছে কপিলৰ। যাৰ ফলত চৰম মনোকষ্টত ভূগিবলগীয়া হৈছে অভিনেতাজন।শেহতীয়াকৈ এই বিষয়ে নিজেই ৰাজহুৱা কৰিছে কপিল শৰ্মাই।ইয়াৰ পাছতেই এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি এতিয়া কপিলৰ সমানেই চিন্তাত পৰিছে তেওঁৰ অনুৰাগীসকল।

Advertisment

প্ৰকৃততে, কপিলৰ এক অভ্যাসৰ বাবে পত্নী গিন্নী আৰু তেওঁৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছে। কপিলে জনোৱা মতে, তেওঁৰ শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ৰ শ্বুটিং শেষ কৰি ঘৰলৈ যোৱাৰ পাছত তেওঁ নীৰৱ হৈ পৰে আৰু কথা নকয়। ইয়াকে লৈ খঙত অগ্নিশৰ্মা হৈ পৰে গিন্নী।’দ্য কপিল শৰ্মা শ্ব'ৰ শেহতীয়া এটা খণ্ডত ‘আলহী’ৰ আগতে এই বিষয়ে ৰাজহুৱা কৰে কপিল শৰ্মাই।তেওঁ কয়, ‘তাই একোৱেই নুবুজে, মই কি কৰিম। মোৰ পত্নী গিন্নীক প্ৰকৃত কথাবোৰ বুজাবলৈ মই সদায় চেষ্টা কৰো।কিন্তু তাই একেবাৰে বুজি নাপায়। যেতিয়াই ঘৰলৈ যাওঁ কথা-বতৰা নোকোৱাকৈ মই অলপ জিৰণি ল’বলৈ বিচাৰো।কিন্তু মই তাইৰ সৈতে কিয় কথা পতা নাই বুলি মুখ ফুলাই বহি থাকে গিন্নী।দিনটো কামত ব্যস্ত থাকো, ভাগৰ লগাটো স্বাভাৱিক।সেয়ে যদিও মই নীৰৱ হৈ থাকিব নিবিচাৰো কিন্তু পৰিস্থিতি এনেকুৱা হয় যে মই অলপ সময় শান্ত হৈ থাকিবলৈ বিচাৰো।'

উল্লেখ্য, কপিল আৰু গিন্নীয়ে ২০১৮ চনৰ ১২ ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হৈছিল।বতৰ্মান কপিল আৰু গিন্নী এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ পিতৃ-মাতৃ। তেওঁলোকৰ কন্যাৰ নাম আনাইৰা আৰু পুত্ৰৰ নাম তৃষাণ।

Also Read: গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল অভিনেতা অক্ষয় কুমাৰৰ

kapil sarmah