
ডিজিটেল ডেস্ক: ‘অনুপম খেৰৰ লগত থাকিলে এগৰাকী মহিলাই কেতিয়াও অসুৰক্ষিত অনুভৱ নকৰে। তেওঁ এজন অতি শক্তিশালী ব্যক্তিত্বৰ পুৰুষ।তেওঁৰ পৰা বলীউডৰ আন অভিনেতাই শিকিবলগীয়া বহুত আছে।’এয়া পিছে আমি কোৱা কথা নহয়।এই মন্তব্য বলীউডৰ ‘কুইন’ কংগনা ৰাণাৱটৰ। ছ’ছিয়েল মেডিয়াত এটা ‘প’ষ্ট’ কৰি জ্যেষ্ঠ অভিনেতাজনৰ প্ৰশংসাত এইদৰে পঞ্চমূখ হৈ পৰিছে কংগনা ৰাণাৱট।
শেহতীয়া এক সাক্ষাৎকাৰত অনুপম খেৰে কংগনাক বলীউডৰ শ্ৰেষ্ঠ পৰিচালকসকলৰ মাজৰ এগৰাকী বুলি অভিহিত কৰাৰ পাছতে কংগনাই অভিনেতাজনক উদ্দ্যেশি এই মন্তব্য কৰিছে। মুঠৰ ওপৰত এতিয়া ইজনে সিজনক প্ৰশংসাৰে ডুবাই পেলাইছে দুয়োগৰাকী বলীউডী তাৰকাই। কংগনাক প্ৰশংসা কৰি অনুপম খেৰে লগতে কয়, মই ভাবো ‘কংগনা এগৰাকী অতি সাহসী ছোৱালী। যদি আমি মহিলা সশক্তিকৰণক প্ৰশংসা কৰো, আমি সকলোয়ে কংগনাৰ সফলতা উদযাপন কৰা উচিত। সকলোৰে বাক স্বাধীনতা আছে।কিন্তু আমি কংগনাক বাক স্বাধীনতা দিয়া নাই।এয়া আচলতে অন্যায়। মই কাম কৰা পৰিচালকসকলৰ ভিতৰত এগৰাকী অন্যতম শ্ৰেষ্ঠ পৰিচালক হৈছে কংগনা।মই কংগনাৰ লগত কাম কৰি সেয়া অনুভৱ কৰিছো।জীৱনত ৫৩৪ খন ছবিত অভিনয় কৰাৰ পাছত মই এয়া স্বীকাৰ কৰিছো।’
উল্লেখ্য যে, ‘ইমাৰজেঞ্চী’ ছবিখনত কংগনা আৰু অনুপম খেৰে একেলগে অভিনয় কৰিছে।মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কংগনা ৰাণাৱটৰ।
ছবিখনৰ চিত্ৰনাট্য ৰীতেশ শ্বাহৰ আৰু কাহিনী কংগনা ৰাণাৱটৰ। ১৯৭৭ৰ ভাৰতীয় জৰুৰীকালীন অৱস্থাৰ ওপৰত আধাৰিত এই ছবিখনত কংগনায়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে,যিটো ছবিখন চৰ্চাত থকাৰ এক অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে।এই ছবিখনৰ দৃশ্যগ্ৰহণ অসমতো কৰা হৈছে।