বৰুণ -জাহ্নৱীক চাবলৈ দৰ্শকে কৰিব লাগিব আৰু অপেক্ষা 

মুক্তিৰ দিন ঘোষণাৰ পৰাই চৰ্চাত শীৰ্ষত আছে নীতেশ তিৱাৰী পৰিচালিত ছবি ‘বাৱাল’। এই ছবিখনত বৰুণ ধাৱান আৰু জাহ্নৱী কাপুৰে প্ৰথমবাৰৰ বাবে পৰ্দাত যুটি বান্ধিব।

author-image
asomiyapratidin
New Update
বৰুণ -জাহ্নৱীক চাবলৈ দৰ্শকে কৰিব লাগিব আৰু অপেক্ষা 

ডিজিটেল ডেস্ক: মুক্তিৰ দিন ঘোষণাৰ পৰাই চৰ্চাত শীৰ্ষত আছে নীতেশ তিৱাৰী পৰিচালিত ছবি ‘বাৱাল’। এই ছবিখনত বৰুণ ধাৱান আৰু জাহ্নৱী কাপুৰে প্ৰথমবাৰৰ বাবে পৰ্দাত যুটি বান্ধিব।যাৰ বাবে ছবিখনক লৈ দৰ্শকৰ উত্তেজনা যথেষ্ট বেছি।কিন্তু ছবিখন কেতিয়া মুক্তি পাব তাক লৈ এতিয়া অনিশ্চয়তাই দেখা দিছে। হয়, পিছুৱাই দিয়া হৈছে ছবিখনৰ মুক্তিৰ দিন।

Advertisment

এই দুই জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক লৈ ‘বাৱাল’ শীৰ্ষক ছবিখন নিৰ্মাণ হ’ব বুলি ঘোষণা কৰা হৈছিল বিগত বছৰৰ এপ্ৰিলত। ইয়াৰ লগতে, নিৰ্মাতাসকলে প্ৰকাশ কৰিছিল যে ছবিখন চলিত বৰ্ষৰ ৭ এপ্ৰিলত ছবিগৃহলৈ আহিব।কিন্তু শেহতীয়া খবৰ অনুসৰি, ভিএফএক্স কামৰ বাবে ‘বাৱাল’ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। ছবিখন এতিয়া অঘোষিত তাৰিখলৈ পিছুৱাই দিয়া হৈছে। 

এই সন্দৰ্ভত পৰিচালক নীতেশ তিৱাৰীয়ে জনোৱা মতে, ‘ছবিখনৰ ভিএফএক্স কাম কিছু বাকী আছে। সময়মতে দৰ্শকক ছবিখন আগবঢ়ায় দিব নোৱাৰাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।বছৰটোৰ শেষৰফালে ছবিখন মই দৰ্শকৰ মাজলৈ এৰি দিয়াৰ পৰিকল্পনা কৰিছো’ ‘বাৱাল’ৰ প্ৰযোজনা চাজিদ নাদিয়াদৱালাৰ।উল্লেখ্য যে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি ‘ছিচোৰ’ৰ পিছত এই পৰিচালক-প্ৰযোজকে পুনৰ ‘বাৱাল’ৰ জৰিয়তে যুটি বান্ধিছে।পেৰিছ, বাৰ্লিন, পোলেণ্ড, আমষ্টাৰডাম, ক্ৰাকো আৰু ৱাৰ্ছকে ধৰি বিভিন্ন স্থানত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে।

Also Read: মুক্তিৰ পথত কৰণ জোহৰৰ নতুন ছবি

bollywood