বলীউডক সকীয়ালে কংগনা ৰাণাৱটে

বলীউডক সকীয়ালে কংগনা ৰাণাৱটে

ডিজিটেল ডেস্ক: নিজৰ মন্তব্যৰ বাবে প্ৰায়ে চৰ্চাত থকা বলীউডৰ কুইন কংগনা ৰাণাৱটে এইবাৰ এক সতৰ্কবাণী জাৰি কৰিছে।বলীউডক উদ্দ্যেশি এক টুইট কৰি কংগনায়ে ছবি উদ্যোগৰ লোকসকলে তেওঁলোকৰ সফলতা উপভোগ কৰা উচিত আৰু তেওঁলোকক ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে বুলি উল্লেখ কৰিছে।অভিনেত্ৰীগৰাকীয়ে শ্বাহৰুখ খানৰ বহুচৰ্চিত ছবি ‘পাঠান’ মুক্তিৰ পাছৰ পৰাই ছবিখনৰ বিষয়ে টুইট কৰি আহিছে।

অভিনেত্ৰীগৰাকীয়ে কৰা ইটোৰ পাছত সিটো টুইটে অনুৰাগীসকলৰ মাজত স্বাভাৱিকভাৱেই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ নিয়ম উলংঘা কৰাৰ বাবে ২০২০ চনত এইগৰাকী অভিনেত্ৰীৰ একাউণ্ট নিষিদ্ধ হোৱাৰ পিছত শেহতীয়াকৈ তেওঁ পুনৰ টুইটাৰলৈ উভতি অহিছে।বলীউডৰ আন বহু অভিনেতা-অভিনেত্ৰীয়েও ‘পাঠান’ক উদ্দ্যেশি টুইট কৰিছে যদিও কংগনাৰ টুইটে বিশেষ চৰ্চা লাভ কৰিছে।  

ইফালে, বহু বিতৰ্কৰ মাজতে ছবিগৃহলৈ আহি ইটোৰ পাছত সিটো অভিলেখ সৃষ্টি কৰিছে  ‘পাঠান’য়ে।আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত অভিলেখ গঢ়াৰ পৰা মুক্তি দিনাৰ উপাৰ্জনলৈ, মুঠতে অভিলেখৰ উপৰি অভিলেখ ‘পাঠান’ৰ। 

উল্লেখ্য, সিদ্ধাৰ্থ আনন্দৰ কাহিনী আৰু পৰিচালিত ‘পাঠান’ৰ প্ৰযোজনাৰ দায়িত্বত আছে আদিত্য চোপ্ৰা।২ঘণ্টা ২৬ মিনিটৰ এই ছবিখনত সুদীৰ্ঘ চাৰি বছৰৰ পাছত ‘বলীউডৰ বাদশ্বাহ’ শ্বাহৰুখ খানক দৰ্শকে ‘বিগ স্ক্ৰীণ’ত দেখিবলৈ পাইছে।শ্বাহৰুখৰ লগতে ছবিখনত অভিনয়ৰ যাদু দেখুৱাইছে দীপিকা পাডুকন, জন আব্ৰাহাম, ডিম্পল কাপাডিয়া, আশুতোষ ৰাণা তথা অসমীয়া অভিনেতা দিগন্ত হাজৰিকাই।

‘পাঠান’ত শ্বাহৰুখ খানে এজন ৰ' এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে।দেশ-বিদেশৰ ছবিগৃহসমূহত কেৱল শ্বাহৰুখৰ নামৰ শ্ল’গান গাইছে আনুৰাগীসকলে। বহু ছবি সমালোচকে ছবিখন উপভোগ কৰি অভিনেতা তথা ছবিখনৰ সকলো দিশৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।‘পাঠান’ এখন দেশপ্ৰেমমূলক ছবি। ছবিখনত এনে বহুতো সংলাপ আছে, য'ত দেশপ্ৰেম স্পষ্টভাৱে প্ৰতিফলিত হৈছে।

বাণিজ্য বিশ্লেষক তথা ছবি সমালোচক সুমিত কাদেলে পাঠান উপভোগ কৰাৰ পিছত ছবিখনক ‘ফাইভ ষ্টাৰ’ দি কেইবাটাও টুইট কৰি ‘পাঠান’ৰ প্ৰশংসা কৰিছে। এটা টুইটত তেওঁ লেখিছে যে, ‘পাঠান’ৰ একশ্যন একেবাৰে নিখুঁট। ‘পাঠান’ত প্ৰদৰ্শিত একশ্যন দৃশ্যসমূহ ভাৰতীয় ছবি ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দৃশ্য। আনহাতে, বৰ্তমানেও এই ছবিখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলিয়েই আছে।বহু  চিনেমা হলৰ বাহিৰত ‘পাঠান’ৰ প’ষ্টাৰ জ্বলাই দিয়া হৈছে। আনহাতে, ‘পাঠান’ৰ সংগীত পৰিচালক বিশাল দাদলানীয়ে অনুৰাগীসকলক ছবিখন ‘লিক’ নকৰিবলৈ আহ্বান জনাইছে।

বলীউডক সকীয়ালে কংগনা ৰাণাৱটে
অপেক্ষাৰ অন্ত ! ঘোষণা হ’ল ‘গদাৰ ২’ৰ মুক্তিৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in