ছ’চিয়েল মেডিয়াত সমালোচনা : অনুৰাগীৰ প্ৰতি ক্ষোভিত বলীউডৰ 'কুইন'

স্পষ্টকৈ মনৰ ভাৱ প্ৰকাশ কৰি প্ৰায় সকলো সময়তে চৰ্চাৰ কেন্দ্ৰ হৈ থাকে বলীউডৰ কুইন কংগনা ৰাণাৱট।পিছে, এইবাৰ আন এক বিষয়ক লৈহে অনুৰাগীৰ আলোচনাৰ বিষয় হৈ পৰিছে কংগনা।হয়, শেহতীয়াকৈ এজন ৰহস্যময় যুৱকৰ হাত হাত ধৰি ঘূৰি ফুৰাৰ পাছতেই অনুৰাগীসকলে এই যুৱকজন তথা তেওঁলোকৰ সম্পৰ্কৰ লৈ বহু প্ৰশ্ন উত্থাপিত কৰি ছ’চিয়েল মেডিয়া তোলপাৰ লগাইছে।

author-image
Asomiya Pratidin
New Update
ছ’চিয়েল মেডিয়াত সমালোচনা : অনুৰাগীৰ প্ৰতি ক্ষোভিত বলীউডৰ 'কুইন'

ডিজিটেল ডেস্ক: স্পষ্টকৈ মনৰ ভাৱ প্ৰকাশ কৰি প্ৰায় সকলো সময়তে চৰ্চাৰ কেন্দ্ৰ হৈ থাকে বলীউডৰ কুইন কংগনা ৰাণাৱট।পিছে, এইবাৰ আন এক বিষয়ক লৈহে অনুৰাগীৰ আলোচনাৰ বিষয় হৈ পৰিছে কংগনা।হয়, শেহতীয়াকৈ এজন ৰহস্যময় যুৱকৰ হাত হাত ধৰি ঘূৰি ফুৰাৰ পাছতেই অনুৰাগীসকলে এই যুৱকজন তথা তেওঁলোকৰ সম্পৰ্কৰ লৈ বহু প্ৰশ্ন উত্থাপিত কৰি ছ’চিয়েল মেডিয়া তোলপাৰ লগাইছে।

Advertisment

প্ৰকৃততে, দুদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ এখন চেলুনৰ বাহিৰত এজন বিদেশী যুৱকৰ সৈতে হাতত হাত ধৰি সময় অতিবাহিত কৰা দেখা গৈছে ।সেই মূহুৰ্তৰ এখন ফটো ভাইৰেল হৈ পৰাত অসংখ্য অনুৰাগীয়ে এই যুৱকজন কোন তথা কংগনাৰ সৈতে তেওঁৰ সম্পৰ্ক কি আদি বহুতো প্ৰশ্ন উত্থাপন কৰে। বহুতেই এই যুৱকজনক কংগনাৰ প্ৰেমিক বুলিও অনুমান কৰি লয়।একাংশই আকৌ তেওঁলোক দুয়োকে একেলগে খুব সুন্দৰ দেখা গৈছে বুলিও প্ৰশংসা কৰে। 

ইফালে, এটা ইন্টষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে অনুৰাগীক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে কংগনা ৰাণাৱটে। এই প’ষ্টত তেওঁ যে অনুৰাগীৰ প্ৰশ্নত ক্ষোভিত হৈছে, সেয়া স্পষ্ট হৈ পৰিছে।তেওঁ প্ৰকাশ কৰা মতে, ‘এই ৰহস্যময় যুৱকজনৰ সন্দৰ্ভত প্ৰশ্ন সুধিবলৈ বহুতেই মোক ফোন-মেছেজ কৰাত ব্যস্ত হৈ পৰিছে।গোটেই চিনেমা জগতৰ লোকসকলকো ইয়াক জানিবলৈ খুব উৎসুক হৈ পৰিছে। এজন যুৱক আৰু এগৰাকী যুৱতী একেলগে বহু কাৰণত ৰাস্তাত খোজ কাঢ়িব পাৰে। তেওঁলোক বন্ধু, ভাতৃ-ভগ্নী, সহকৰ্মী বা বহু বছৰ ধৰি একেলগে কাম কৰা এগৰাকী হেয়াৰষ্টাইলিষ্টও হ’ব পাৰে।’

উল্লেখ্য যে, কংগনাক অতি শীঘ্ৰে বহু চৰ্চিত ছবি ‘ইমাৰ্জেন্সি’ত দৰ্শকে দেখিবলৈ পাব।এই ছবিখন  তেওঁ পৰিচালনাও কৰিছে। ‘ইমাৰ্জেন্সি’ত কংগনাই প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।

Also Read: বলীউডক সকীয়ালে কংগনা ৰাণাৱটে