/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1f40cd6b-8ec5-4809-93df-abef6b457536/AP_FOR_WEB_indira.jpg)
ডিজিটেল ডেস্ক: বলীউডৰ আগশাৰীৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বহু চৰ্চিত ছবি ‘ইমাৰজেঞ্চী’ৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে।হয়, ছ’চিয়েল মেডিয়াৰ জৰিয়তে এই ঘোষণা কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।পূৰ্বতে এই ছবিখনৰ মুক্তিৰ দিন ২২ নৱেম্বৰত নিৰ্ধাৰিত আছিল।
মুক্তিৰ পূৰ্বেই চৰ্চাৰ শীৰ্ষত থকা এই ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা কংগনাই কৰিছে। ছবিখনত দেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰটো ৰূপায়ন কৰিছে কংগনাই নিজেই।কংগনাৰ এই নতুন ৰূপৰ বাবেই ছবিখন খুব চৰ্চাত আছে। ‘ইমাৰজেঞ্চী’ ১৯৭৫ চনত দেশত সংঘটিত হোৱা সঁচা ঘটনাৰ ওপৰত আধাৰিত। ভাৰতীয় ইতিহাসৰ আটাইতকৈ শক্তিশালী মহিলা ইন্দিৰা গান্ধীৰ নেতৃত্বত সংঘটিত এই ঘটনাবোৰকে চিনেমাৰ ৰূপ দিছে 'বিতৰ্কিত' কংগনা ৰাণাৱটে।
‘ইমাৰজেঞ্চী’ৰ মুক্তিৰ কথা ঘোষণা কৰি ছ’চিয়েল মেডিয়াত কংগনাই তেওঁৰ গোটেই জীৱনৰ শিক্ষা আৰু উপাৰ্জন এই ছবিখনত বিনিয়োগ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে লেখিছে, ‘মৰমৰ বন্ধুসকল, মোৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা আছে। ‘ইমাৰজেঞ্চী’ হৈছে এজন শিল্পী হিচাপে মোৰ গোটেই জীৱনৰ শিক্ষা আৰু উপাৰ্জনৰ সমাপ্তি। ‘ইমাৰজেঞ্চী’ মোৰ বাবে কেৱল এখন ছবি নহয়, ই এজন ব্যক্তি হিচাপে মোৰ মূল্য আৰু চৰিত্ৰৰ পৰীক্ষা।ছবিখনৰ মুক্তিৰ পূৰ্বেই সকলোয়ে জনোৱা সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে। মোৰ হৃদয় কৃতজ্ঞতাৰে ভৰি আছে আৰু মই য'লৈকে যাওঁ মানুহে মোক ‘ইমাৰজেঞ্চী’ৰ মুক্তিৰ তাৰিখৰ বিষয়ে সোধে। আমি ‘ইমাৰজেঞ্চী’ৰ মুক্তিৰ তাৰিখ চলিত বৰ্ষৰ ২৪ নৱেম্বৰত ঘোষণা কৰিছিলো যদিও আগন্তুক বৰ্ষৰ প্ৰথমতেহে ছবিখনক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছো।’
ইফালে, কংগনাৰ এই ঘোষণাৰ পাছতে তেওঁৰ সকলো অনুৰাগীয়েই খুব ইতিবাচক মন্তব্য কৰি তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰিছে।অৱশ্যে, ছবিখনৰ মুক্তিৰ দিন কি কাৰণত পিছুওৱা হৈছে, সেয়া স্পষ্ট কৰা নাই কংগনা ৰাণাৱটে।
Also Read: দিপাৱালীত ছবিগৃহলৈ আহিব বহুচৰ্চিত ‘টাইগাৰ ৩’