দিপাৱালীত ছবিগৃহলৈ আহিব বহুচৰ্চিত ‘টাইগাৰ ৩’

সাধাৰণতে আনক সমালোচনা কৰিয়েই সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ বিতৰ্কিত পৰিচালক-প্ৰযোজক কৰণ জোহৰ।পিছে এইবাৰ এগৰাকী অভিনেত্ৰীক প্ৰশংসা কৰিহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে কৰণ। হয়, তাৰকা অভিনেত্ৰী কেটৰিনা কাইফৰ প্ৰশংসাত পঞ্চমুখ হৈছে বিতৰ্কিত পৰিচালকজন।

author-image
Asomiya Pratidin
New Update
দিপাৱালীত ছবিগৃহলৈ আহিব বহুচৰ্চিত ‘টাইগাৰ ৩’

ডিজিটেল ডেস্ক: সাধাৰণতে আনক সমালোচনা কৰিয়েই সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ বিতৰ্কিত পৰিচালক-প্ৰযোজক কৰণ জোহৰ।পিছে এইবাৰ এগৰাকী অভিনেত্ৰীক প্ৰশংসা কৰিহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে কৰণ। হয়, তাৰকা অভিনেত্ৰী কেটৰিনা কাইফৰ প্ৰশংসাত পঞ্চমুখ হৈছে বিতৰ্কিত পৰিচালকজন।

Advertisment

মুক্তিৰ পূৰ্বেই দৰ্শকক আকৰ্ষিত কৰা ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ৰ প’ষ্টাৰ ইতিমধ্যে মুকলি হৈছে।ছবিখনত ছলমান খানৰ বিপৰীতে অভিনয় কৰা কেটৰিনাইও ছবিখনৰ এখন প’ষ্টাৰ ছ’চিয়েল মেডিয়াত প’ষ্ট কৰিছে। এই প’ষ্টাৰখনত কেটৰিনাৰ নতুন ৰূপ দেখি প্ৰশংসাত নামি পৰিছে কৰণ জোহৰ।তেওঁ লেখিছে, ‘ফাইটিং ফায়াৰ উইথ ফায়াৰ।ডেটছ জ’য়া। ‘টাইগাৰ ৩’ৰ ট্ৰেইলাৰ ১৬ অক্টোবৰত মুক্তি লাভ কৰিব আৰু চিনেমাগৃহলৈ আহিব এই দেৱালীত। হিন্দী, তামিল আৰু তেলেগু ভাষাত ‘টাইগাৰ ৩’য়ে মুক্তি লাভ কৰিব। এই প’ষ্টাৰখনত কেটৰিনাক খুব আকৰ্ষণীয়া দেখা গৈছে বুলি অৱশ্যে অনুৰাগীসকলেও মন্তব্য কৰিছে।

উল্লেখ্য যে, ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হে’ৰ ছিকুৱেল ‘টাইগাৰ ৩’। যশৰাজ ফিল্মছৰ বেনাৰত আদিত্য চোপ্ৰাই প্ৰযোজনা কৰা ‘টাইগাৰ ৩’ পৰিচালনা কৰিছে মনীষ শৰ্মাই।ছবিখনত ছলমান খান, কেটৰিনা কাইফৰ লগতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে ইমৰান হাছমীয়ে।ছবিখনৰ বাজেট ৩০০ কোটি টকাৰ।মুক্তিৰ পূৰ্বেই চৰ্চাৰ শীৰ্ষত থকা এই ‘টাইগাৰ ৩’ ১০ নবেম্বৰত ছবিগৃহলৈ আহিব।

Also Read: নতুন ৰূপত শীঘ্ৰেই সম্প্ৰচাৰিত হ’ব ‘কফি উইথ কৰণ ৮’, আপুনিও সাজু্ হওঁক