/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/pallavi-yami-gautam.jpg)
য়ামী গৌতমৰ বিয়া! ঈষাত জ্বলিছে কংগনা ৰানাৱট
ডেজেটেল ডেস্ক: সমগ্ৰ দেশ কোভিডৰ ভয়ত কম্পমান হৈ আছে। বিগত দিনত সংক্ৰমন হ্ৰাস কৰিবৰ বাবে দেশৰ প্ৰায়বোৰ ৰাজ্যতে লকডাউন দিয়া হৈছিল যাৰ অংশ হিচাপে বন্ধ হৈ পৰিছে দেশৰ প্ৰায়বোৰ ছবি গৃহ। বন্ধ হৈ আছে মনোৰঞ্জনৰ লগত জড়িত বহু কাম কাজ। এই সংকটৰ সময়চোৱাতো বহু অভিনেতা অভিনেত্ৰী, কলা- কৌশলীয়ে পৰিয়ালৰ সৈতে দিন অতিবাহিত কৰি সুন্দৰ সময়ৰ মূহুৰ্ত সামাজিক মাধ্যত প্ৰকাশ পায় আছে। কিন্তু প্ৰায় ২ টা বছৰ ধৰি বলিউডৰ তাৰকা সকলৰ মাজত বিবাহ সম্পন্ন হোৱা দেখা নাই, হৈছে যদিও যথেষ্ট কম, কিন্তু শেহতীয়াকৈ বলিউড জগতত ভৰি থৈয়ে সফলতা অৰ্জন কৰা মোহময়ী অভিনেত্ৰী য়ামী গৌতম বিবাহপাশত আৱদ্ধ হৈছে।
পঢ়িবলৈ ক্লিক কৰক :ভেকচিনেও ভেটিব পৰা নাই কোৰোনাক,সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য
সাধাৰণতে যেতিয়া বলিউড জগতৰ তাৰকা সকলৰ বিবাহ বা প্ৰেমৰ সম্পৰ্কৰ বিষয় পোহৰলৈ আহে তেতিয়া সামাজিক মাধ্যমত অতি বেছিকৈ চৰ্চা হোৱা দেখা যায়। বাতৰি কাকত,আলোচনীৰ পৃষ্ঠা ভৰি ভৰি খবৰ ওলাই। তাৰ মাজতে বহুতে সমালোচনা কৰে বহুতে অভিনন্দন দিয়ে।বহুতে পুৰণা দোষ-গুণ, পুৰণা সম্পৰ্কৰ বিষয়ে আলোচনা কৰিয়ে বিষয়টো উপস্থাপন কৰা দেখা যায়। ভাৰতৰ চলচ্চিত্ৰ প্ৰেমী সকলৰ বাবে তেওঁলোক একো একোটা ষ্টাৰ সেয়ে তেওঁলোকৰ জীৱনত কি হৈছে, কি ঘটিছে তাত দৃষ্টি নিৱদ্ধ হৈ থকাতো সকলোৰে বাবে স্বাভাৱিক কথা। বিয়াৰ পূৰ্বে সামাজিক মাধ্যমত সংযত বা অসংযত না না ফটো ভইৰেল হোৱাতো সহজ কথা। পিছে এই ক্ষেত্ৰত য়ামী গৌতম বিবাহ খন সম্পূৰ্ণ ব্যতিক্ৰম কৈ হৈ গ'ল।
অভিনেত্ৰী দিপিকা পাডুকন, অনুষ্কা শৰ্মাকে আদি কৰি বহু তাৰকাৰ বিবাহত সাজপাৰ,অলংকাৰ,অভ্যথৰ্না অনুষ্ঠানৰ ব্যয়বহুতা আৰু বিভিন্ন বিশেষত্ব আমি দেখিবলৈ পাইছিলো কিন্তু য়ামী গৌতমৰ বিবাহত তেনে জাক জমকতা বহু পৰিমাণে কম দেখা গৈছিল। আচৰিত ভাৱে বিবাহ খন ইমান সাধাৰন ভাৱে হৈ গল যে বিবাহৰ দিনাও বৰ বেছি আলোচনা হোৱা নাছিল। উল্লেখ যোগ্য যে ইয়ামী গৌতমে নিজে অভিনয় কৰা উৰিঃ দ্য চাৰ্জিকেল ষ্ট্ৰাইক চলচ্চিত্ৰখনৰ পৰিচালক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে।
এইখিনিলৈ সকলো ঠিকেই আছিল কিন্ত য়ামী গৌতমে বিবাহৰ এখন ফটো সামাজিক মাধ্যমত নিজৰ অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰিছিল, কেনাটো লাগিল তাতেই। সকলোৱেই তেঁওক দাম্পত্য জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰি আছিল তাৰ মাজতেই অভিনেতা বিক্ৰান্ত মেচি আৰু অভিনেত্ৰী কংগনা ৰানাৱটৰ কেইটামান কমেন্টক লৈ তোলপাৰ লাগিছে ফটো খনৰ কমেন্ট বক্স। ঘটনা অনুসৰি বিক্ৰান্ত মেচিয়ে তেনেই সাধাৰন লগা য়ামী গৌতমৰ ফটোখনৰ তলত লিখিছিল যে য়ামীক দেখাত 'ৰাধে মা' ৰ দৰে পৱিত্ৰ আৰু ধুনিয়া লাগিছে ।কিন্তু য়ামীক কৰা এই প্ৰশংসা সহ্য কৰিব নোৱাৰিলে বিতৰ্কৰে সস্তিয়া প্ৰাধান্যতা ভাল পোৱা অভিনেত্ৰী কংগনা ৰানাৱটে। বিক্ৰান্তৰ কমেন্টৰ তলতেই য়ামী গৌতমৰ ৰঙা সাজ আৰু পৰম্পৰাগত অলংকাৰ পৰিধান কৰা ফটোখনত য়ামীক পইতাচোৰা বুল্ সম্বোধন কৰিছিল লগতে নিজৰ জন্ম স্থান হিমাচলৰ কইনা দেখিবলৈ আটাইতকৈ ধুনিয়া বুলি উল্লেখ কৰিছিল তাৰ পাছতেই কংগনাৰ কমেন্টৰ প্ৰতিক্ৰয়াত না না উত্তৰে ভৰি পৰিল সামাজিক মাধ্যম। বহুতৰ মতে কংগনাৰ কমেন্টটো লেখত লবলগীয়া নহয় কাৰণ কংগনাৰ এই চৰিত্ৰ নতুন নহয় পূৰ্ৱেও বহু এনেকুৱা উাদাহৰণ আছে।