ভেকচিনেও ভেটিব পৰা নাই কোৰোনাক,সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য…

ভেকচিনেও ভেটিব পৰা নাই কোৰোনাক,সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য…

ভেকচিনেও ভেটিব পৰা নাই কোৰোনাক,সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য

ডিজিটেল ডেস্ক: ভাৰতত কোৰোনাৰ ভয়াৱহ সংক্ৰমণ আব্যাহত আছে যদিও কিছু দিনৰ পৰা ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে তথাপিও এতিয়াও শংকা মুক্ত হব পৰা নাই দেশখন । বিভিন্ন গৱেষণাত পোহৰলৈ অহা অনুসৰি কোৰোনাৰ দ্বিতীয় ঢৌৰ শেষ হোৱাৰ পাছত পুনৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা আছে। কোৰোনাৰ এই ঢৌ অধিক শক্তিশালী হোৱাৰ লগতে কোৰোনাৰ নতুন উপসৰ্গ সমূহ শিশু সকলৰ দেহত অধিক মাত্ৰাত দেখা দিব। অবশ্যে এই তৃতীয় ঢৌত ৰোগীৰ দেহত কেনে ধৰনৰ  লক্ষণ দেখা দিব,সেয়া এতিয়াও নিশ্চিত ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই গৱেষণাকাৰী দলকেইটা ।মহামাৰী কোৰোনাৰ তৃতীয় ঢৌৰ পূৰ্বে ভাৰতত সকলো লোকক ভেকচিন প্ৰদান কৰি শেষ কৰাৰ কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ডিচেম্বৰ মাহৰ ভিতৰত সকলোকে ভেকচিন প্ৰদানৰ কাম সমম্পূৰ্ণ কৰিবলৈ ক্ষীপ্ৰ গতিত কাম আৰম্ভ কৰিছে । কেইবাটাও পৰীক্ষা নিৰীক্ষাৰ অন্তত প্ৰস্তুত কৰি উলিওৱা ভেকচিন সমূহৰ মূল কাম দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু কোৰোনাৰ সৈতে যুঁজ কৰি কোৰোনাক পৰাজিত কৰা । সেই মতে ভেকচিন বোৰক দুটা ভাগত বিভক্ত কৰি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । কিন্তু শেহতীয়াকৈ কোৰোনাৰ দুটা পালি ভেকচিন লোৱাৰ পাছতো বহু লোক কোৰোনাত আক্ৰান্ত হৈ আহিছে ইয়াক লৈ সৰ্বত্ৰে চৰ্চা আৰু বয় অব্যাহত থকাৰ সময়তে ভয়ানক খবৰ পোহৰলৈ আহিছে । ভেকচিন লোৱাৰ পাছতো কোভিডৰ পৰা সুৰক্ষিত নহব পাৰে মানৱ শৰীৰৰ বাবে । এখন চিকিৎসালয়ৰ এটা গৱেষণাত পোহৰলৈ আহিছে আচৰিত কৰাব পৰা এই তথ্য। ভেকচিনেও

দুটা পালি ভেকচিন লোৱা লোক সকলৰ দেহত কিমান কিমান পৰিমাণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈছে তাৰ অনুমান কৰিবলৈ লক্ষ্ণৌৰ কিম জাজ মেডিকেল কলেজত চিকিৎসকৰ এটা দলে ১ হাজাৰ  লোকৰ দেহৰ দেহত পৰীক্ষা কৰিছিল কিচন্তু তেওঁলোকে প্ৰকাশ কৰা তথ্য অনুসৰি ১ হাজাৰ ব্যক্তিৰ প্ৰায় ১০ শতাংশ লোকৰ দেহত এতিয়াও ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰস্তুত কৰিব পৰা নাই কোভিড ভেকচিনে।চিকিৎসালয় এগৰাকী চিকিৎসকে উল্লেখ কৰিছে যে দুটা ভেকচিন লোৱা আৰু ব্যক্তিক তেওঁলোকে পৰীক্ষা কৰাব আৰু যি সকল  ব্যক্তিৰ দেহত ভেকচিন লোৱাৰ পাছতো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা নাই তেওঁ লোকৰ ভিতৰত কিবা সামঞ্জস্য আছে নেকি পৰীক্ষা কৰা হব । পৰীক্ষাৰ পাছত ইয়াৰ কাৰন পোহৰলৈ আহিব যদিও প্ৰাৰম্ভিক ভাৱে হৰমনৰ বৈষম্যতাকে ইয়াৰ মূল কাৰন বুলি অভিহিত কৰিছে ।তেওঁলোকে আৰম্ভ কৰা এই পৰীক্ষাই পৰৱৰ্তী সময়ত কিমান দিনৰ ৱ্যবধানত ভেকচিন ললে সঠিক ভাৱে কাম কৰে তাৰ নিশ্চয়তা প্ৰদান কৰিব বুলি আশাবাদী চিকিৎসক গৰাকী।ভেকচিনেও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in