ইন্দিৰা গান্ধীৰ ৰূপ ল'ব সাংসদ কংগনাই

কংগনা ৰাণাৱট, নামেই যাৰ পৰিচয় ! ব্যতিক্ৰমী ব্যক্তিত্ব তথা অতুলনীয় অভিনয় দক্ষতাৰ বলত প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ এইগৰাকী অভিনেত্ৰী। এতিয়া আকৌ কংগনাই লাভ কৰিলে এক নতুন পৰিচয়।

author-image
Asomiya Pratidin
New Update
ইন্দিৰা গান্ধীৰ ৰূপ ল'ব সাংসদ কংগনাই

ডিজিটেল ডেস্ক: কংগনা ৰাণাৱট, নামেই যাৰ পৰিচয় ! ব্যতিক্ৰমী ব্যক্তিত্ব তথা অতুলনীয় অভিনয় দক্ষতাৰ বলত প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ এইগৰাকী অভিনেত্ৰী। এতিয়া আকৌ কংগনাই লাভ কৰিলে এক নতুন পৰিচয়।হয়, কংগনা সম্প্ৰতি এগৰাকী লোকসভাৰ সাংসদ।পিছে, শেহতীয়াকৈ আন এক বিশেষ কাৰণতহে চৰ্চালৈ আহিছে কংগনাৰ নাম।

Advertisment

আচলতে, নাম ঘোষণাৰ পাছৰে পৰাই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা কংগনা ৰণাৱটৰ ছবি 'ইমাৰজেঞ্চী'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে।কংগনাই তেওঁৰ ইনষ্টাগ্ৰামত ছবিখনৰ এখন নতুন প'ষ্টাৰ প'ষ্ট কৰি বহু চৰ্চিত এই ছবিখন আগন্তুক ৬ ছেপ্টেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰিব বুলি ৰাজহুৱা কৰিছে। তেওঁ লগতে লেখিছে, 'ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ আটাইতকৈ বিতৰ্কিত খণ্ডটোৰ বিস্ফোৰক কাহিনীৰে নিৰ্মাণ কৰা হৈছে 'ইমাৰজেঞ্চী'।ছবিখন নিৰ্মাণৰ সময়ত মই বহু অত্যাচাৰ সহ্য কৰিব লগীয়া হৈছিল।বহু লোকে চিনেমাখন বন্ধ কৰিবলৈ উঠি-পৰিও লাগিছিল।এই ছবিখনত মোৰ সকলো সমৰ্পণ কৰিছো। মই মোৰ ঘৰ আৰু গহনা বন্ধকত দি এই ছবিখন নিৰ্মাণ কৰিছো।'

উল্লেখ্য যে, ছবিখনৰ মুক্তিৰ তাৰিখ ইতিমধ্যে বহু বাৰ পিছুৱাই দিয়া হৈছিল। মে’ মাহত কংগনাই লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে 'ইমাৰজেঞ্চী'ৰ মুক্তি স্থগিত ৰাখে। এই ছবিখনত কংগনাই ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।কংগনাৰ উপৰিও ছবিখনত অনুপম খেৰ, মহিমা চৌধুৰী, মিলিন্দ সোমন, শ্ৰেয়াছ তালপাড়ে, বিষক নায়াৰ আৰু প্ৰয়াত সতীশ কৌশিকে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। জি ষ্টুডিঅ' আৰু মণিকৰ্ণিকা ফিল্মছৰ দ্বাৰা প্ৰযোজিত ছবিখন পৰিচালনাও কংগনাই কৰিছে। সংগীত সঞ্চিত বলহাৰাৰ। চিত্ৰনাট্য আৰু সংলাপ ৰিতেশ শ্বাহৰ।ছবিখনত কংগনাক সাইলাখ ইন্দিৰা গান্ধীৰ দৰে দেখিবলৈ তেওঁক মেকআপ কৰিছে ডেভিদ মালিনোৱস্কিৰে।

Also Read: স্পষ্ট কৰিলে সোণাক্ষী সিংহাৰ স্বামী জাহিৰ ইকবালৰ পিতৃয়ে