অভিভাৱক হোৱাৰ উৎকণ্ঠাত বাঢ়িছে ৰণবীৰ-দীপিকাৰ প্ৰেম !

শীঘ্ৰেই নতুন পৰিচয়ৰে পৰিচিত হ’ব বলীউডৰ সবাতোকৈ চৰ্চিত যুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিং।হয়, দীপিকা এতিয়া গৰ্ভৱতী।এই সময়ছোৱা দুয়োয়ে খুব সুন্দৰকৈ উপভোগ কৰিছে।য’লৈ যায়, দুয়ো একেলগে যায়।আনকি, আজিকালি তেওঁলোক দুয়োয়ে ৰাজহুৱাকৈয়ে ইজনে সিজনৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ লৈছে।

author-image
Asomiya Pratidin
New Update
অভিভাৱক হোৱাৰ উৎকণ্ঠাত বাঢ়িছে ৰণবীৰ-দীপিকাৰ প্ৰেম !

ডিজিটেল ডেস্ক: শীঘ্ৰেই নতুন পৰিচয়ৰে পৰিচিত হ’ব বলীউডৰ সবাতোকৈ চৰ্চিত যুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিং।হয়, দীপিকা এতিয়া গৰ্ভৱতী।এই সময়ছোৱা দুয়োয়ে খুব সুন্দৰকৈ উপভোগ কৰিছে।য’লৈ যায়, দুয়ো একেলগে যায়।আনকি, আজিকালি তেওঁলোক দুয়োয়ে ৰাজহুৱাকৈয়ে ইজনে সিজনৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ লৈছে।শেহতীয়াকৈ ৰণবীৰ সিঙে দীপিকাৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি ছ’চিয়েল মেডিয়াত প’ষ্ট দিয়াৰ পাছত এইবাৰ ৰণবীৰক প্ৰশংসাত পঞ্চমুখ হৈছে দীপিকা পাডুকন।

Advertisment

প্ৰকৃততে, দীপিকাই ইনষ্টাগ্ৰাম ‘ষ্ট’ৰী’ত লেখিছে, ‘মই প্ৰতি ৫ ছেকেণ্ডত মোৰ মানুহজনলৈ চাই আছো। কাৰণ তেওঁ আটাইতকৈ আকৰ্ষণীয়, মই আজিলৈ দেখা আটাইতকৈ সুন্দৰ মানুহ।’ দীপিকাই এই প’ষ্টটোত ‘পিংক হাৰ্ট ইমজী’ দি ৰণবীৰকো টেগ কৰিছে। ইফালে, কেইদিনমান পূৰ্বে ৰণবীৰেও দীপিকাৰ সৌন্দৰ্যৰ বিশেষভাৱে প্ৰশংসা কৰি তেওঁৰ ‘বেবী বাম্প’ক সমালোচনা কৰা সকলৰ মুখ বন্ধ কৰে।

উল্লেখ্য যে, দীপিকাক পৰৱৰ্তী সময়ত নাগ অশ্বিনৰ একচন-থ্ৰীলাৰ ‘কাল্কি ২৮৯৮ এডি’ত দৰ্শকে দেখিবলৈ যাব। এইখন হিন্দী আৰু তেলেগু ভাষাত নিৰ্মিত এখন দ্বিভাষিক ছবি আৰু প্ৰাচীন আধ্যাত্মিকতা আৰু এক ডিষ্টোপিয়ান সমাজৰ পটভূমিত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, কমল হাছান, দিশা পাটানী, সস্বতী চেটাৰ্জী আৰু কীৰ্তি সুৰেশেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।তদুপৰি, দীপিকা মুক্তিৰ অপেক্ষাত থকা বহু চৰ্চিত ছবি ‘সিংঘম এগেইন’ৰো অংশ।

Also Read: নতুন কৌশল ! দীপিকাৰ প্ৰশংসাত পঞ্চমুখ হ’ল ৰণবীৰ