মুকলিকৈ উজাৰিলে ক্ষোভ, চৌদিশে চৰ্চা

সহ অভিনেতাৰ বিৰুদ্ধে ক্ষোভ বলীউডৰ ছুপাৰষ্টাৰ জন আব্ৰাহামৰ। এই বিষয়ে ৰাজহুৱাকৈ মন্তব্য কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে সুদৰ্শন অভিনেতাজন।

author-image
Asomiya Pratidin
New Update
মুকলিকৈ উজাৰিলে ক্ষোভ, চৌদিশে চৰ্চা

john abraham got angry

ডিজিটেল ডেস্ক: সহ অভিনেতাৰ বিৰুদ্ধে ক্ষোভ বলীউডৰ ছুপাৰষ্টাৰ জন আব্ৰাহামৰ। এই বিষয়ে ৰাজহুৱাকৈ মন্তব্য কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে সুদৰ্শন অভিনেতাজন। গুটখা আৰু পান মচলা খাবলৈ উৎসাহিত কৰি ইয়াৰ বিজ্ঞাপন প্ৰচাৰ কৰা চেলিব্ৰিটিসকলৰ প্ৰতি গুজৰি উঠিছে জন আব্ৰাহাম।

Advertisment

হয়, শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু অজয় দেৱগনৰ দৰে শীৰ্ষ তাৰকাসকলে এনে বিজ্ঞাপনৰ প্ৰচাৰত নামি পৰিছে।এই বিষয়টোতে শেহতীয়া এক সাক্ষাৎকাৰত জনে মুকলিকৈ মন্তব্য কৰিছে। তেওঁ কয়, 'স্বাস্থ্য আৰু ফিটনেছৰ বিষয়ে কথা কোৱা অভিনেতাসকলে এতিয়া পান মচলাৰ দৰে ক্ষতিকাৰক খাদ্য সামগ্ৰীৰ বিজ্ঞাপন কৰে।যিটো আচলতে দুৰ্ভাগ্যজনক।মই কেতিয়াও 'মৃত্যু বিক্ৰী' আহিলাৰ সৈতে জড়িত হ'ব নিবিচাৰো।'

উল্লেখ্য যে, এনে বিজ্ঞাপনত অংশ লোৱাৰ বাবে অক্ষয় কুমাৰ ইতিমধ্যে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ৰাজহুৱা সমালোচনাৰ উত্তৰত, অক্ষয়ে এনে ব্ৰেণ্ড বিজ্ঞাপনৰ পৰা নিজকে আঁতৰাই ৰখাৰ প্ৰতিশ্ৰতি দি অনুৰাগীসকলৰ ওচৰত ক্ষমাও বিচাৰে।কিন্তু তাৰ পাছতো অক্ষয় কুমাৰে এনে বিজ্ঞাপনত অংশ লৈ আহিছে। 

আনহাতে, এই সাক্ষাৎকাৰতে জনে এইটোও স্পষ্ট কৰে যে, তেওঁ তেওঁৰ সহঅভিনেতাসকলক সমালোচনা কৰা নাই।বৰঞ্চ এই অভিনেতাসকলক তেওঁ অজস্ৰ সন্মান কৰে।এয়া কেৱল তেওঁ তেওঁৰ ব্যক্তিগত মূল্যবোধৰ প্ৰতিফলনহে।তেওঁ কয়, ‘মই এই ব্ৰেণ্ডবোৰ সমৰ্থন নকৰাৰ সিদ্ধান্ত লৈছে, কিয়নো এনে সামগ্ৰীবোৰ সমৰ্থন কৰাৰ অৰ্থ হৈছে মানুহক মৃত্যুলৈ বিক্ৰী কৰা।’

Also Read: স্বামীৰ একমাত্ৰ কন্যাৰ জন্মদিন, ছ’চিয়েল মেডিয়াত কৰীণাৰ ‘বিশেষ’ প’ষ্ট