স্বামীৰ একমাত্ৰ কন্যাৰ জন্মদিন, ছ’চিয়েল মেডিয়াত কৰীণাৰ ‘বিশেষ’ প’ষ্ট

আপোনাৰ, মোৰ বহুতৰ দৰেই বলীউডৰ বহু চৰ্চিত অভিনেত্ৰী ছাৰা আলী খানেও খাই ভাল পাই ৰঙলাওৰ ভাজি। শেহতীয়া এটা ছ’চিয়েল মেডিয়াৰ প’ষ্টয়ে এই কথা প্ৰমাণ কৰিছে।

author-image
Asomiya Pratidin
New Update
স্বামীৰ একমাত্ৰ কন্যাৰ জন্মদিন, ছ’চিয়েল মেডিয়াত কৰীণাৰ ‘বিশেষ’ প’ষ্ট

sara ali khan's favourite food

ডিজিটেল ডেস্ক: আপোনাৰ, মোৰ বহুতৰ দৰেই বলীউডৰ বহু চৰ্চিত অভিনেত্ৰী ছাৰা আলী খানেও খাই ভাল পাই ৰঙলাওৰ ভাজি। শেহতীয়া এটা ছ’চিয়েল মেডিয়াৰ প’ষ্টয়ে এই কথা প্ৰমাণ কৰিছে। হয়, ছাৰাৰ মাহীমাক কৰীণা কাপুৰ খানে ছাৰাৰ আটাইতকৈ প্ৰিয় খাদ্য কি, সেয়া ৰাজহুৱা কৰিছে।

Advertisment

কৰীণা কাপুৰৰ স্বামী ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খানে শেহতীয়াকৈ উদযাপন কৰিলে তেওঁৰ ২৯ সংখ্যক জন্মদিন।জন্মদিন উপলক্ষে কৰীণা কাপুৰ খানে তেওঁৰ স্বামীৰ জ্যেষ্ঠ কন্যা ছাৰা আলী খানক শুভেচ্ছা জনাই ছ’চিয়েল মেডিয়াত এটা প’ষ্ট শ্বেয়াৰ কৰিছে। এই প’ষ্টটোত এটা ‘হাৰ্ট ইমজি’ দি কৰীণাই লেখিছে, ‘শুভ জন্মদিন ডাৰ্লিং ছাৰা। বহুত  মৰম আৰু আজি তোমালৈ ৰঙালাওৰ ভাজি পঠাই দি আছো।’

কৰীণাৰ এই বিশেষ প’ষ্টটো ভাইৰেল হোৱাৰ পাছতে ছাৰাৰ যে ৰঙালাওৰ ভাজি প্ৰিয়, সেই বিষয়ে অনুৰাগীসকল নিশ্চিত হৈছে।আনহাতে, ছাৰা আৰু কৰীণাৰ সম্পৰ্কও যে অতি ঘনিষ্ঠ সেয়া স্পষ্ট হৈছে। কৰীণাই ইনষ্টাগ্ৰামত ছাৰা আৰু ছেইফ আলী খানৰ এখন পুৰণি ফটোও শ্বেয়াৰ কৰিছে।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত