ফটোৰ অপব্যৱহাত ক্ষোভিত এইগৰাকী অভিনেত্ৰী

বলীউডৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।জাহ্নৱী এতিয়া তেওঁৰ পৰৱৰ্তী ছবি ‘উলঝ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এই সময়ছোৱাতে তেওঁ কৰা কেতবোৰ মন্তব্যৰ বাবে এতিয়া চৌদিশে কেৱল জাহ্নৱীৰে চৰ্চা চলিছে।

author-image
Asomiya Pratidin
New Update
ফটোৰ অপব্যৱহাত ক্ষোভিত এইগৰাকী অভিনেত্ৰী

ডিজিটেল ডেস্ক: বলীউডৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।জাহ্নৱী এতিয়া তেওঁৰ পৰৱৰ্তী ছবি ‘উলঝ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এই সময়ছোৱাতে তেওঁ কৰা কেতবোৰ মন্তব্যৰ বাবে এতিয়া চৌদিশে কেৱল জাহ্নৱীৰে চৰ্চা চলিছে।

Advertisment

হয়, চেলিব্ৰেটীৰ ফটো উঠাবলৈ হেতা-ওপৰা লগোৱা ‘পাপাৰাজ্জী সংস্কৃতি’ৰ বিষয়ে জাহ্নৱীয়ে মুকলিকৈ বহু কথাই প্ৰকাশ কৰিছে। তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ৰ প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতৰ বিষয়ে উল্লেখ কৰি জাহ্নৱীয়ে এই প্ৰসংগ আনে। 

জাহ্নৱীয়ে প্ৰকাশ কৰা মতে, ‘পাপাৰাজ্জীৰ বাবে মই মিষ্টাৰ এণ্ড মিচেছ মাহী ছবিখনৰ প্ৰচাৰৰ সময়ত মই খুব বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলো। তেওঁলোকৰ একাংশই মোক পিছফালৰ পৰা ফটো তুলি বিভিন্ন কেপশ্যন দি প্ৰচাৰ কৰিছিল। যিসমূহ দেখি মোৰ খং উঠিছিল।আচলতে মোৰ ফটোৰ অপব্যৱহাৰ কৰা হৈছে। সেয়েহে আজি কওঁ মোক আৰু পিছফালৰ পৰা ফটো কোনেও নুঠাব।ইয়াত আপোনালোকে বেয়া নাপাব বা কথাটো বেলেগ ধৰণে নল’ব।’ জাহ্নৱীৰ এই মন্তব্যৰ পাছতে বহু অনুৰাগীয়ে ছ’চিয়েল মেডিয়াযোগে অভিনেত্ৰীগৰাকীক সমৰ্থন কৰিছে।

উল্লেখ্য যে, ‘উলাঝ’ত অনুৰাগীসকলে জাহ্নৱীক সুহানা ভাটিয়াৰ চৰিত্ৰত দেখিবলৈ পাব। সুধাংশু চাৰিয়াৰ দ্বাৰা পৰিচালিত এই ছবিখনত জাহ্নৱীৰ লগতে আদিল হুছেইন, মেয়াং চাং, গুলচন দেৱায়, ৰোশন মেথিউ, ৰাজেন্দ্ৰ গুপ্তা আৰু জিতেন্দ্ৰ যোশীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ পূৰ্বেই বহু চৰ্চা লাভ কৰা ‘উলাঝ’ ২ আগষ্টত ছবিগৃহত মুক্তি পাব।

Also Read: স্পষ্ট কৰিলে সোণাক্ষী সিংহাৰ স্বামী জাহিৰ ইকবালৰ পিতৃয়ে