জাহ্নৱীৰ হাতত হীৰাৰ আঙুঠি, উৎসুক অনুৰাগী

বলীউড তাৰকাসকলৰ ন-ন খবৰবোৰে বহু সময়ত অনুৰাগীসকলক আচৰিত কৰি তোলে। শেহতীয়াকৈও বি টাউনৰ পৰা এনে এক খবৰ ওলাইছে।এই খবৰ অনুসৰি, অভিনেত্ৰী জাহ্নৱী কাপুৰে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক শিখৰ পাহাৰীয়াৰ সৈতে গোপনে বাগদান সম্পন্ন কৰিছে।

author-image
Asomiya Pratidin
New Update
জাহ্নৱীৰ হাতত হীৰাৰ আঙুঠি, উৎসুক অনুৰাগী

ডিজিটেল ডেস্ক: বলীউড তাৰকাসকলৰ ন-ন খবৰবোৰে বহু সময়ত অনুৰাগীসকলক আচৰিত কৰি তোলে। শেহতীয়াকৈও বি টাউনৰ পৰা এনে এক খবৰ ওলাইছে।এই খবৰ অনুসৰি, অভিনেত্ৰী জাহ্নৱী কাপুৰে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক শিখৰ পাহাৰীয়াৰ সৈতে গোপনে বাগদান সম্পন্ন কৰিছে।

Advertisment

প্ৰকৃততে, অভিনেত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে তিৰুপতি বালাজী মন্দিৰ ভ্ৰমণ কৰিছিল।তেওঁৰ লগত আছিল প্ৰেমিক শিখৰ পাহাৰীয়া।এয়া পিছে একো নতুন খবৰ নহয়। কিয়নো ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীক বহুবাৰ বালাজীলৈ যোৱা দেখা গৈছে।কিন্তু এইবাৰ অভিনেত্ৰীগৰাকীক এক বিশেষ ৰূপত দেখা গ’ল।হয়, শাৰী আৰু হাতত হিৰাৰ আঙুঠিৰ সৈতে বিশেষ ৰূপত মন্দিৰ দৰ্শন কৰে জাহ্নৱীয়ে।তেওঁৰ এই মন্দিৰ ভ্ৰমণৰ ফ’টো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই এতিয়া অনুৰাগীসলৰ মাজত যথেষ্ট চৰ্চা আৰম্ভ হৈছে।এই চৰ্চাৰ মূলতেই হ’ল তেওঁ হাতত পিন্ধা হীৰাৰ আঙুঠি।বহু অনুৰাগীৰ মতে জাহ্নৱীয়ে তেওঁৰ প্ৰেমিকৰ লগত গোপনে বাগদান কৰিছে। এই খবৰে এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মেডিয়া।

বাগদান সম্পন্ন হোৱা সন্দৰ্ভত অৱশ্যে জাহ্নৱীৰ পৰিয়াল তথা তেওঁ নিজে বৰ্তমানলৈ কোনো স্পষ্টতা প্ৰকাশ কৰা নাই। যাৰ বাবে এই বিষয়ে জানিবলৈ দুগুণে উৎসুক হৈ পৰিছে অনুৰাগীসকল।বহুতৰ মতে এয়া হেনো উৰাবাতৰিহে।জাহ্নৱীয়ে তেওঁৰ প্ৰয়াত মাতৃ শ্ৰীদেৱীৰ জন্মদিন উপলক্ষেহে তিৰুপতি বালাজী দৰ্শন কৰিছে বুলিও একাংশই উল্লেখ কৰিছে।

Also Read: চলিত বৰ্ষৰ শেষলৈ হ’ব পৰিণীতি চোপ্ৰা- ৰাঘৱ চদ্ধাৰ বিয়া