আগধন লৈ উপস্থিত নহ'ল বিশেষ অনুষ্ঠানত, উত্তাল ছ’চিয়েল মেডিয়া

তৃপ্তি ডিমৰী, বৰ্তমান সময়ৰ চৰ্চাৰ শীৰ্ষত থকা অন্যতম জনপ্ৰিয় এগৰাকী অভিনেত্ৰী।সন্দীপ ৰেড্ডী ভাঙ্গাৰ ছুপাৰহিট ছবি ‘এনিমেল’ৰ জৰিয়তে সীমাহীন জনপ্ৰিয়তা লাভ কৰিলে তৃপ্তিয়ে।

author-image
Asomiya Pratidin
New Update
আগধন লৈ উপস্থিত নহ'ল বিশেষ অনুষ্ঠানত, উত্তাল ছ’চিয়েল মেডিয়া

triptii-dimri

ডিজিটেল ডেস্ক: তৃপ্তি ডিমৰী, বৰ্তমান সময়ৰ চৰ্চাৰ শীৰ্ষত থকা বলীউডৰ অন্যতম জনপ্ৰিয় এগৰাকী অভিনেত্ৰী।সন্দীপ ৰেড্ডী ভাঙ্গাৰ পৰিচালিত ছুপাৰহিট ছবি ‘এনিমেল’ৰ জৰিয়তে খুব কম সময়তে সীমাহীন জনপ্ৰিয়তা লাভ কৰিলে তৃপ্তি ডিমৰীয়ে। ‘এনিমেল’ৰ পাছত অভিনেত্ৰীগৰাকীয়ে ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি দৰ্শকক আকৰ্ষিত কৰি আহিছে।কিন্তু, শেহতীয়াকৈ খুব বেয়াকৈ অনুৰাগীৰ ৰোষত পৰিছে তৃপ্তি ডিমৰী।হয়, অনুৰাগীয়ে তৃপ্তিৰ মুখত সানিলে ক’লা ৰং। 

Advertisment

প্ৰকৃততে, তৃপ্তিয়ে জয়পুৰত এক বিশেষ অনুষ্ঠানত উপস্থিত নথকাৰ বাবেই একাংশ মহিলাই তৃপ্তিৰ মুখত সানিলে ক'লা ৰং। এই অনুষ্ঠানটো আছিল জয়পুৰত। জয়পুৰ ফিকি এফএলঅ'এ (ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী লেডিজ অৰ্গেনাইজেচন)ৰ মহিলা উদ্যোগীসকলে মহিলা সৱলীকৰণ সন্দৰ্ভত জেএলএন মাৰ্গৰ এখন হোটেলত কেইদিনমান পূৰ্বে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।য’ত তেওঁলোকে মুখ্য অতিথি হিচাপে তৃপ্তিক আমন্ত্ৰণ জনাইছিল যদিও ইয়াৰ বাবদ তৃপ্তিয়ে মোটা আগধন লৈ অনুষ্ঠানত উপস্থিত নহ’ল।

তৃপ্তিয়ে প্ৰখ্যাত ডিজাইনাৰ মণীষ মলহোত্ৰাৰ এটা ফেশ্চন শ্ব'ত অংশগ্ৰহণ কৰাৰ বাবে জয়পুৰৰ অনুষ্ঠানটো বাতিল কৰে। ইয়াতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি উদ্যোক্তাসকলে তৃপ্তিৰ ফটোত ক'লা ৰং সানি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা ছবি 'বিকি বিদ্যা কা ৱ' ৱালা ভিডিঅ' উপভোগ নকৰিবলৈ সকলোকে আহ্বান জনায়। সম্প্ৰতি ছ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত উদ্যোক্তাসকলে তৃপ্তিৰ মুখত ক’লা ৰং সনা তথা তেওঁক সকীয়নি দিয়াটো স্পষ্টকৈ দেখা গৈছে।  

ইফালে, বিষয়টো সন্দৰ্ভত তৃপ্তি ডিমৰীয়ে এটা বিবৃতি জাৰি কৰিছে। য’ত লেখা হৈছে ‘বিকি বিদ্যা কা ৱো ৱালা ভিডিঅ'ৰ প্ৰচাৰৰ সময়ত তৃপ্তিয়ে তেওঁৰ পেছাদাৰী প্ৰতিশ্ৰুতি আৰু দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিছে।’ চৰ্চিত অনুষ্ঠানটোত অংশ গ্ৰহণৰ বাবে তৃপ্তিয়ে কোনো আগধন সংগ্ৰহ কৰা নাই বুলিও বিবৃতিটোত স্পষ্ট কৰা হৈছে।

Also Read: ৩.৮১ কোটিৰ গাড়ীত ভ্ৰমণ কৰিবলৈ সাজু ‘বলীউডৰ ৰাণী’