‘মাদাৰ ইণ্ডিয়া’ৰ পৰা ‘আৰ আৰ আৰ’লৈকে ভাৰতৰ যাত্ৰা

‘মাদাৰ ইণ্ডিয়া’ৰ পৰা ‘আৰ আৰ আৰ’লৈকে ভাৰতৰ যাত্ৰা

ডিজিটেল ডেস্ক: অস্কাৰ নামেৰে জনাজাত একাডেমী বঁটাক বিশ্বৰ ছবিজগতৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে গণ্য কৰা হয়। ১৯২৯ চনত স্থাপিত অস্কাৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী আৰু শ্ৰেষ্ঠ মূল চিত্ৰনাট্যকে ধৰি বিভিন্ন শ্ৰেণী বা শাখাত স্বীকৃতি দিয়া হয়। ছবি উদ্যোগত কাম কৰা ৯০০০ৰো অধিক সদস্যৰ পেছাদাৰী সংগঠন ‘একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ’ চমুকৈ এএমপিএএছৰ দ্বাৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়।ভাৰত বিশ্বৰ দ্বিতীয় পুৰণি ছবি উদ্যোগ। ভাৰত আৰু ভাৰতীয়সকলে বিগত বছৰবোৰত অস্কাৰত কিদৰে জিলিকিছে, আজি সেই বিষয়ে জানো আহক-

বিজয়ীসকল

ভানু আথাইয়া - শ্ৰেষ্ঠ পোছাক ডিজাইন 

ভানু আথাইয়া অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়। তেওঁ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ‘গান্ধী’ ছবিখনৰ বাবে এই সন্মান লাভ কৰিছিল। মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখন ৰিচাৰ্ড এটেনবৰো আৰু ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ দ্বাৰা যুটীয়াভাৱে প্ৰযোজনা কৰা হৈছিল।

সত্যজিৎ ৰায় 

প্ৰখ্যাত পৰিচালক, চিত্ৰনাট্যকাৰ, তথ্যচিত্ৰ নিৰ্মাতা, লেখক, প্ৰবন্ধকাৰ, গীতিকাৰ, আলোচনী সম্পাদক সত্যজিৎ ৰায়ক ১৯৯২ চনত ‘লাইফটাইম এচিভমেণ্ট’ৰ বাবে সন্মানীয় অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। 

এ আৰ ৰহমান আৰু গুলজাৰ – শ্ৰেষ্ঠ মূল গীত

এয়া আছিল অস্কাৰত ভাৰতীয়ৰ এক ঐতিহাসিক জয়। ডেনি বয়লৰ ‘স্লামডগ মিলিয়নেয়াৰ’ ছবিখনৰ বাবে  এ আৰ ৰহমান আৰু গুলজাৰে ২০০৯ চনত শ্ৰেষ্ঠ মূল গীতৰ (জয় হো) অস্কাৰ বঁটা লাভ কৰিছিল। 

এ আৰ ৰহমান – শ্ৰেষ্ঠ মূল স্ক'ৰ 

এ আৰ ৰহমানে ২০০৯ চনত ‘স্লামডগ মিলিয়নেয়াৰ’ ছবিখনৰ বাবে এটা নহয় দুটাকৈ শিতানত  অস্কাৰ জিকি ইতিহাস সৃষ্টি কৰিছিল। দ্বিতীয় বঁটাটো শ্ৰেষ্ঠ মূল স্ক'ৰৰ বাবে এ আৰ ৰহমানক প্ৰদান কৰা হৈছিল।

ৰেছুল পুকুট্টি - শ্ৰেষ্ঠ ধ্বনি মিক্সিং 

২০০৯ চনতে ৰেছুল পুকুট্টিয়ে ‘স্লামডগ মিলিয়নেয়াৰ’ৰ বাবে শ্ৰেষ্ঠ ধ্বনি মিক্সিং বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 

আৰ আৰ আৰ- শ্ৰেষ্ঠ মৌলিক সংগীত

ভাৰতীয় ছবি ‘আৰ আৰ আৰ’ৰ ‘নাটু নাটু’ শীৰ্ষক গীতটোয়ে ২০২৩ চনত শ্ৰেষ্ঠ মৈলিক সংগীতৰ অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।এই গীতটোয়ে গোল্ডেন গ্ৰোৱ-২০২৩ বঁটাও লাভ কৰিছে।

দ্য এলিফেন্ট হুইছপাৰ- শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ 

‘দ্য এলিফেন্ট হুইছপাৰ’ নামৰ তথ্যচিত্ৰখনে ২০২৩ চনত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ অস্কাৰ লাভ কৰিছে। 

মনোনয়নসমূহ

বিগত বছৰবোৰত কেইবাখনো ভাৰতীয় ছবিয়ে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শ্ৰেণীত মনোনীত হৈছে।সেইসমূহ হৈছে-

মাদাৰ ইণ্ডিয়া (১৯৫৭) 

বলীউডৰ অন্যতম জনপ্ৰিয় ছবি ‘মাদাৰ ইণ্ডিয়া’ আছিল শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমাৰ শ্ৰেণীত ভাৰতৰ প্ৰথম মনোনয়ন লাভ কৰা ছবি। মেহবুব খানৰ এই ছবিখনত এগৰাকী গ্ৰাম্য ভাৰতীয় মহিলাই স্বাধীনতাৰ পূৰ্বৰ যুগত নিজৰ সন্তানৰ সৈতে কৰা সংগ্ৰামক চিত্ৰায়ন কৰা হৈছিল। 

ছালাম বোম্বাই! (১৯৮৮)

মীৰা নায়াৰৰ দ্বাৰা পৰিচালিত ‘ছালাম বোম্বাই’ত মুম্বাইৰ (তেতিয়াৰ বোম্বাই) পথৰ শিশুসকলৰ জীৱনৰ কঠোৰ বাস্তৱতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এই ছবিখনে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মনোনীত হৈছে।

লগন (২০০১) 

বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে অভিনয় কৰা ‘লগন’ ছবিখন শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শ্ৰেণীত মনোনীত হৈছিল।

‘মাদাৰ ইণ্ডিয়া’ৰ পৰা ‘আৰ আৰ আৰ’লৈকে ভাৰতৰ যাত্ৰা
অস্কাৰ বিজয়ী ‘The Elephant Whisperers’ৰ বিষয়ে আপুনি জানেনে ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in