
ডিজিটেল ডেস্ক: 'অৱশেষত মই বিশ্বাস কৰিব পৰা এজন মানুহ বিচাৰি পালো।’ এইবুলি নিজৰ বিবাহৰ কথা ৰাজহুৱা কৰিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰাক্তন পত্নী ৰেহাম খানে।হয়, ছ’ছিয়েল মেডিয়াযোগে নতুন স্বামীৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি সকলোকে তেওঁৰ তৃতীয় বিবাহৰ কথা জানিবলৈ দিয়ে।
ৰেহাম খানে টুইটাৰযোগে জনোৱা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত মডেল তথা অভিনেতা মিৰ্জা বিলাল বেগৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছে। ‘জাষ্ট মেৰিড’ বুলি লেখি ইয়াৰ লগতে ‘শ্বেয়াৰ’ কৰা ফটোখনত ৰেহাম খানক বগা গাউন পিন্ধা দেখা গৈছে। আনহাতে তেওঁৰ ৩৬ বছৰীয়া স্বামী বিলালক মাউভ চুট পিন্ধা দেখা গৈছে। ৰেহামৰ বৰ্তমানৰ স্বামী তেওঁতকৈ ১৩ বছৰৰে সৰু।
উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্পোৰেট পেছাদাৰী তথা প্ৰাক্তন মডেল মিৰ্জা বিলাল বেগৰ বাবেও এয়া তৃতীয় বিবাহ। ২০১৫ চনত পাকিস্তানী-ব্ৰিটিছ দূৰদৰ্শন সাংবাদিক ৰেহাম খানে ইছলামাবাদত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।কিন্তু এই সম্পৰ্ক বেছি দিন নাথাকিল। বিবাহৰ মাত্ৰ দহ মাহৰ পিছতেই তেওঁলোকৰ বিচ্ছেদ হয়।
এই বিবাহ বিচ্ছেদৰ পিছত ৰেহাম খানে প্ৰকাশ কৰা মতে, বিবাহৰ পাছত তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ স্বামী বিশ্বাসৰ যোগ্য একেবাৰেই নাছিল। ইমৰান খানে তেওঁৰ পেছাক ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল।উল্লেখ্য যে, ৰেহাম খানে ৯০ দশকৰ মাজভাগত ইউকেত সম্প্ৰচাৰ সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ বিবিচি চাউথ টুডেৰ বাতৰি পৰিবেশক হিচাপে কৰ্মৰত আছিল।২০১২ চনত এটি সাক্ষাৎকাৰ ৰেহামে ইমৰান খানক প্ৰথম বাৰৰ বাবে লগ পাইছিল আৰু তাৰ পাছতেই তেওঁলোকৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।