দুই পত্নী, কন্যাৰ পাছত বলীউডলৈ এইবাৰ ছেইফৰ পুত্ৰ

দুই পত্নী, কন্যাৰ পাছত বলীউডলৈ এইবাৰ ছেইফৰ পুত্ৰ

ডিজিটেল ডেস্ক: বলীউডত ‘ষ্টাৰ কিড’সকলৰ এক সুকীয়া পৰিচয় আছে। অভিনয়ৰ জগতলৈ অহাৰ পূৰ্বেই পিতৃ-মাতৃৰ জনপ্ৰিয়তাৰ বাবে সদায়েই লাইমলাইটত থাকে ‘ষ্টাৰ কিড’সকল। বহু ‘ষ্টাৰ কিড’য়ে পাছত ‘বি টাউন’ত প্ৰৱেশ কৰি নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিলেও আন বহু এনে ‘ষ্টাৰ কিড’ আছে, যি বৰ্তমানেও তেওঁলোকৰ পিতৃ-মাতৃৰ পৰিচয়ৰে পৰিচিত।সি যি কি নহওঁক, খুব কম দিনৰ ভিতৰতে বলীউডত প্ৰৱেশ কৰিব আন এজন ‘ষ্টাৰ কিড’য়ে। অভিনেতা ছেইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহীম আলী খান।ইব্ৰাহীমে শীঘ্ৰেই কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ বেনাৰত বলীউডত আত্মপ্ৰকাশ কৰিব।

খবৰ অনুসৰি, এই ছবিখন সশস্ত্ৰ বাহিনীৰ ওপৰত আধাৰিত। কায়োজ ইৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন চলিত বৰ্ষৰ শেষৰফালে ছবিগৃহলৈ আহিব।উল্লেখ্য যে, ইব্ৰাহীমে ইতিমধ্যে কৰণ জোহৰৰ লগত কাম কৰিছে।হয়, ‘ৰকী অউৰ ৰাণী কি প্ৰেম কাহানী’ নামৰ ছবিখনত কৰণ জোহৰৰ সৈতে এগৰাকী সহকাৰী পৰিচালক হিচাপে কাম কৰিছে ইব্ৰাহীমে।

সহকাৰী পৰিচালক হিচাপে ইব্ৰাহীমে কাম কৰা ‘ৰকী অউৰ ৰাণী কি প্ৰেম কাহানী’ত ৰণবীৰ সিং, আলিয়া ভাট, ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছে।আনহাতে, এই ছবিখনৰ সৈতে কৰণ জোহৰ সুদীৰ্ঘ পাঁচ বছৰৰ পিছত পুনৰ বলীউডলৈ উভতি আহিছে।

দুই পত্নী, কন্যাৰ পাছত বলীউডলৈ এইবাৰ ছেইফৰ পুত্ৰ
চৌদিশে চলিছে আশু-আৰোগ্যৰ প্ৰাৰ্থনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in