ৰণবীৰ-ৰশ্মিকাৰ যুটি, ববী দেউলৰ ‘কামবেক’ক লৈ উৎসুক হৈ পৰিছে অনুৰাগী

অৱশেষত দৰ্শকৰ মাজলৈ আহিল বহু প্ৰত্যাশিত ছবি ‘এনিমেল’ৰ ট্ৰেইলাৰ।আশা কৰা ধৰণেই ছবিখনৰ ট্ৰেইলাৰ এতিয়া চৰ্চাৰ শীৰ্ষত।ছবিখনত ৰণবীৰক আগতে কেতিয়াও নেদেখা এক খুব ব্যতিক্ৰমী ৰূপত দেখা গৈছে।ট্ৰেইলাৰ দেখি ছবিখনৰ কাহিনী অনুমান কৰাটো টান হৈছে যদিও এই কথা ঠিক যে 'এনিমেল'ৰ কাহিনী খুবেই আকৰ্ষণীয় হ’ব।

author-image
Asomiya Pratidin
New Update
ৰণবীৰ-ৰশ্মিকাৰ যুটি, ববী দেউলৰ ‘কামবেক’ক লৈ উৎসুক হৈ পৰিছে অনুৰাগী

ডিজিটেল ডেস্ক: অৱশেষত দৰ্শকৰ মাজলৈ আহিল বহু প্ৰত্যাশিত ছবি ‘এনিমেল’ৰ ট্ৰেইলাৰ।আশা কৰা ধৰণেই ছবিখনৰ ট্ৰেইলাৰ এতিয়া চৰ্চাৰ শীৰ্ষত।ছবিখনত ৰণবীৰক আগতে কেতিয়াও নেদেখা এক খুব ব্যতিক্ৰমী ৰূপত দেখা গৈছে।ট্ৰেইলাৰ দেখি ছবিখনৰ কাহিনী অনুমান কৰাটো টান হৈছে যদিও এই কথা ঠিক যে 'এনিমেল'ৰ কাহিনী খুবেই আকৰ্ষণীয় হ’ব।

Advertisment

‘এলিমেল’ত ৰণবীৰ কাপুৰৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনিল কাপুৰ, ববী দেউল আৰু ৰশ্মিকা মন্দান্নায়ে।ট্ৰেইলাৰটোত ববী দেউলকো খুব আকৰ্ষণীয় ৰূপত দেখা পোৱা গৈছে।ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছত স্বাভাৱিকভাৱেই অনুৰাগীসকলে ছ’চিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বহু অনুৰাগীয়ে ছবিখনক ইতিমধ্যেই ছুপাৰহিট ঘোষণা কৰাৰ বিপৰীতে আন একাংশই ৰণবীৰ-মন্দান্নাৰ যুটিক প্ৰথমবাৰৰ বাবে বিগ স্ক্ৰীণত চাবলৈ তথা ববী দেউলৰ নতুক ৰূপক লৈ যথেষ্ট উৎসুক হৈ পৰিছে।

‘এনিমেল’ত ৰণবীৰৰ পিতৃৰ ভূমিকাত অভিনয় কৰিছে অনিল কাপুৰে। ১০০ কোটি টকাৰ বাজেটৰ এই ছবিখনৰ কাহিনী আৰু পৰিচালনা সন্দীপ ৰেড্ডী ভাংগাৰ।পিতৃ-পুত্ৰৰ সম্পৰ্কত আহি পৰা কেতবোৰ বিভেদক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনে ১ ডিচেম্বৰত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।

Also Read: এতিয়াৰে পৰা কন্যা ৰাহা, মাতৃ-পত্নীৰ যত্নত ব্যস্ত হ’ব ৰণবীৰ