/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/eb7ed3e4-a6d4-4142-8b82-3aa91ce031ab/AP_FOR_WEB_HERA_PHERI.jpg)
ডিজিটেল ডেস্ক: বলীউড প্ৰেমীসকলৰ বাবে সুখবৰ। হিন্দী ছবি ইতিহাসৰ অন্যতম সফল কমেডী ছবি হিচাপে বিবেচিত ‘হেৰা ফেৰী’ৰ ‘ৰাজু’, ‘শ্যাম’ আৰু ‘বাবু ভাইয়া’ক পুনৰ দৰ্শকে ‘বিগ স্ক্ৰীণ’ত দেখিবলৈ পাব।হয়, আৰম্ভ হ’ল ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী-৩’ৰ দৃশ্যগ্ৰহণৰ কাম।আনহাতে, আন এক ভাল খবৰ যে ‘হেৰা ফেৰী’ৰ তিনিওজন মূখ্য অভিনেতা অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু পৰেশ ৰাৱালকেই দৰ্শকে এই নতুন ছবিখনত অভিনয় কৰিছে।মুম্বাইৰ এম্পায়াৰ ষ্টুডিঅ'ত আজিৰে পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে।তলৰ ফটোখন 'হেৰা ফেৰী-৩'ৰ প্ৰথম ফটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d3a6c5b2-2020-4ab8-acb0-9b096d9b6bf8/new_hera.jpg)
উল্লেখ্য যে, চিত্ৰনাট্য পছন্দ নোহোৱাৰ বাবে প্ৰথমে অক্ষম কুমাৰে ছবিখনত অভিনয় নকৰে বুলি অনুৰাগীক জানিবলৈ দিছিল।অক্ষয় কুমাৰৰ ঠাইত ছবিখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল অভিনেতা কাৰ্তিক আৰ্যন।কিন্তু শেহতীয়াকৈ অক্ষয় কুমাৰে ছবিখনত অভিনয়ৰ বাবে ৰাজি হোৱা খবৰে ছবিখনৰ প্ৰতি অনুৰাগীৰ উৎসাহ দুগুণে বৃদ্ধি কৰিছে।
Also Read: ৰণবীৰৰ লগত বিয়া হ’বলৈ মন নাছিল দীপিকা পাডুকনৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/31052323-ff19-4d11-aea2-cac98d45e593/21hera_pheri1.jpg)
খবৰ অনুসৰি, ‘হেৰা ফেৰী-৩’ৰ প্ৰম’ ভিডিঅ’ৰ বাবে সম্প্ৰতি দৃশ্যগ্ৰহণ চলি আছে।মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা এই ছবিখনৰ প্ৰযোজনা আনিস বাজমীৰ আৰু পৰিচালনাৰ দায়িত্বত আছে ফাৰহাদ চামজী।
প্ৰতিগৰাকী দৰ্শকৰ মনতেই বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা 'হেৰা ফেৰী' মুক্তি পাইছিল ২০০০ চনত। ছবিখন পৰিচালনা কৰিছিল প্ৰখ্যাত পৰিচালক প্ৰিয়দৰ্শনে।আনহাতে, এই ছবিখনৰ ছিকুৱেল 'ফিৰ হেৰা ফেৰী' নীৰজ ভোৰাই পৰিচালনা কৰিছিল আৰু ২০০৬ চনত ছবিগৃহলৈ আহিছিল।ইফালে, বহুচৰ্চিত ‘হেৰা ফেৰী-৩’ চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি পোৱাৰ সম্ভাৱনা আছে।