স্বামীক অনুসৰণ ! ধৰ্মেন্দ্ৰৰ পিছত এইবাৰ ‘কামবেক’ৰ বাবে সাজু হেমা মালিনী

অতি শীঘ্ৰেই দৰ্শকে পুনৰ বিগ স্ক্ৰীণত দেখিবলৈ পাব 'ড্ৰীম গাৰ্ল' হেমা মালিনীক।হয়, এই বিষয়ে তেওঁ নিজে অনুৰাগীসকলক জানিবলৈ দিছে। ৭০ দশকৰ সবাতোকৈ জনপ্ৰিয় তাৰকা শৰ্মিলা ঠাকুৰ, জয়া বচ্চন আৰু ধৰ্মেন্দ্ৰৰ পাছত এইবাৰ হেমা মালিনীৰ অভিনয়ৰ যাদু দৰ্শকে উপভোগ কৰিব পাৰিব।

author-image
Asomiya Pratidin
New Update
স্বামীক অনুসৰণ ! ধৰ্মেন্দ্ৰৰ পিছত এইবাৰ ‘কামবেক’ৰ বাবে সাজু হেমা মালিনী

ডিজিটেল ডেস্ক: অতি শীঘ্ৰেই দৰ্শকে পুনৰ বিগ স্ক্ৰীণত দেখিবলৈ পাব 'ড্ৰীম গাৰ্ল' হেমা মালিনীক।হয়, এই বিষয়ে তেওঁ নিজে অনুৰাগীসকলক জানিবলৈ দিছে। ৭০ দশকৰ সবাতোকৈ জনপ্ৰিয় তাৰকা শৰ্মিলা ঠাকুৰ, জয়া বচ্চন আৰু ধৰ্মেন্দ্ৰৰ পাছত এইবাৰ হেমা মালিনীৰ অভিনয়ৰ যাদু দৰ্শকে উপভোগ কৰিব পাৰিব।

Advertisment

শেহতীয়া এক সাক্ষাৎকাৰত ৭৪ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয়, "মোৰ সময়ৰ বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়ে ইতিমধ্যে 'কামবেক' কৰিছে। ভাল কাহিনীৰ ছবি পালে মইও নিশ্চয় অভিনয় কৰিম।অভিনয়ৰ বাবে মই আকৌ সাজু হৈছো।তেওঁ লগতে কয় যে, অনস্ক্ৰীণ যুটি হিচাপে মোক সকলোয়ে অমিতাভ বচ্চনৰ সৈতেই ভাল পাইছিল।মই নিজেও তেওঁৰ সৈতে অভিনয় কৰিবলৈ আগৰ দৰেই এতিয়াও খুবেই আগ্ৰহী।অমিত জী আৰু মোৰ  ছবি 'বাঘবন'য়ে অক্টোবৰত ২০ বছৰ সম্পূৰ্ণ কৰিব। মই আশা কৰিছিলো যে আমি 'বাঘবন'ৰ পিছত একেলগে আৰু বহু ছবিত অভিনয় কৰিম।কিন্তু দুৰ্ভাগ্যবশতঃ সেয়া নহ'ল।'

অভিনেত্ৰীৰ সমান্তৰালকৈ প্ৰযোজক আৰু পৰিচালক হিচাপেও নিজৰ পৰিচয় গঢ়ি তোলা হেমা মালিনীয়ে বক্স অফিচত শেহতীয়া হিন্দী ছবিৰ সফলতাত যথেষ্ট সুখী। শ্বাহৰুখ খানৰ 'পাঠান' আৰু ছানী দেউলৰ 'গদাৰ ২'ৰো শলাগ লয় অভিনেত্ৰীগৰাকীয়ে।উল্লেখ্য যে, ২০২০ চনত মুক্তিপ্ৰাপ্ত ছবি 'চিমলা মিৰ্চি'ত হেমা মালিনীক শেষৰবাৰৰ বাবে দৰ্শকে দেখিবলৈ পাইছিল।

Also Read: লাহে লাহে আধুনিকতাৰ মোহ এৰিছে ধৰ্মেন্দ্ৰয়ে !