লাহে লাহে আধুনিকতাৰ মোহ এৰিছে ধৰ্মেন্দ্ৰয়ে !

শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি 'ৰকি অ'ৰ ৰাণী কি প্ৰেম কাহানী'ৰ বাবে বলীউডৰ বলিষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে।এই ছবিখনত তেওঁ প্ৰখ্যাত অভিনেত্ৰী শ্বাবানা আজমীৰ সৈতে এটা চুম্বনৰ দৃশ্য কৰিছে, যাৰ বাবে অনুৰাগীসকলে ছবিখন উপভোগ কৰিয়েই যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
লাহে লাহে আধুনিকতাৰ মোহ এৰিছে ধৰ্মেন্দ্ৰয়ে !

ডিজিটেল ডেস্ক: শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি 'ৰকি অ'ৰ ৰাণী কি প্ৰেম কাহানী'ৰ বাবে বলীউডৰ বলিষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে।এই ছবিখনত তেওঁ প্ৰখ্যাত অভিনেত্ৰী শ্বাবানা আজমীৰ সৈতে এটা চুম্বনৰ দৃশ্য কৰিছে, যাৰ বাবে অনুৰাগীসকলে ছবিখন উপভোগ কৰিয়েই যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চুম্বনৰ এই চৰ্চা চলি থকাৰ সমান্তৰালকৈ ধৰ্মেন্দ্ৰই এতিয়া আধুনিকতাৰ মোহ এৰি গাঁৱত তেওঁৰ ব্যক্তিগত সময় উপভোগ কৰি আছে। হয়, ছ'চিয়েল মেডিয়াযোগে তেওঁ এই বিষয়ে অনুৰাগীক জানিবলৈ দিছে।

Advertisment

এই বিশেষ ভিডিঅ'টো অভিনেতাজনে টুইটাৰত শ্বেয়াৰ কৰিছে।ভিডিঅ'টোৰ কেপছনত তেওঁ লিখিছে- 'বন্ধুসকল, এক বিশুদ্ধ আৰামদায়ক জীৱন উপভোগ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়। সম্পূৰ্ণ আৰামৰ মুহূৰ্ত।' ভিডিঅ'টোত ধৰ্মেন্দ্ৰক অতি সৰল ৰূপত এখন বিচনাত বহি থকা দেখা গৈছে। তেওঁ হাতত কছুৰী মেথিৰ এখন প্লেটও আছে।  

ভিডিঅ'টোত ধৰ্মেন্দ্ৰই কৈছে- 'হেল্ল বন্ধুসকল, আপুনি নিশ্চয় ভাবি আছে যে আমাৰ ধৰ্মেন্দ্ৰই কি কৰি আছে, এই সকলোবোৰ কি, এইখিনি মেথি আৰু এয়া ৰ'দত শুকাবলৈ দিয়া হৈছে।ইয়াৰে এতিয়া পৰঠা প্ৰস্তুত হ'ব, ছবজি প্ৰস্তুত হ'ব আৰু মাখনেৰে সৈতে খাম। মই সম্পূৰ্ণ এক গাঁৱলীয়া জীৱন যাপন কৰি আছো। কিয় বা এই সকলোবোৰ আপোনালোকৰ সৈতে ভাগ বতৰা কৰিবলৈ মন গ'ল আৰু কৰিলো।'

উল্লেখ্য যে, 'ৰকি অ'ৰ ৰাণী কি প্ৰেম কাহানী' ইতিমধ্যে বক্স অফিচত সফল হৈছে। ছবিখনত ৰণবীৰ সিং আৰু আলিয়া ভাটে মূখ্য চৰিত্ৰত অভিনয় কৰিছ।আন কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী আৰু জয়া বচ্চনে।ছবিখনত ধৰ্মেন্দ্ৰ আৰু শ্বাবানা আজমীৰ সেই বিশেষ চুম্বন দৃশ্যটোৰ বাবে বহু অনুৰাগীয়ে দুয়োজন প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰী প্ৰশংসাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈছে।

Also Read: অমিতাভ বচ্চনৰ ইমান টকা থকাৰ পাছতো অভিষেকৰ পৰা ধাৰ লৈ চলিছিল শ্বেতা বচ্চনে