বয়সক হাতৰ মুঠিত ৰাখিছে ‘ড্ৰীম গাৰ্ল’য়ে, কেনেকৈ জানেনে ?

বলীউডৰ ‘ড্ৰীম গাৰ্ল’ হেমা মালিনীয়ে শেহতীয়াকৈ উদযাপন কৰিলে তেওঁৰ ৭৫ সংখ্যক জন্মদিন।এইবেলি হেমা মালিনীয়ে তেওঁ জন্মদিনটো খুব ধুম-ধামেৰে উদযাপন কৰে। এই জন্মদিন উদযাপন অনুষ্ঠানতে হেমা মালিনীৰ সৌন্দৰ্য দেখি সকলো একপ্ৰকাৰ আচৰিত হৈ পৰে।অভিনেত্ৰীগৰাকীৰ 'ফিটনেছ' আৰু সৌন্দৰ্যৰ আগত বয়সে হাৰ মানিবলৈ বাধ্য হৈছে।

author-image
Asomiya Pratidin
New Update
বয়সক হাতৰ মুঠিত ৰাখিছে ‘ড্ৰীম গাৰ্ল’য়ে, কেনেকৈ জানেনে ?

ডিজিটেল ডেস্ক: বলীউডৰ ‘ড্ৰীম গাৰ্ল’ হেমা মালিনীয়ে শেহতীয়াকৈ উদযাপন কৰিলে তেওঁৰ ৭৫ সংখ্যক জন্মদিন।এইবেলি হেমা মালিনীয়ে তেওঁ জন্মদিনটো খুব ধুম-ধামেৰে উদযাপন কৰে। এই জন্মদিন উদযাপন অনুষ্ঠানতে হেমা মালিনীৰ সৌন্দৰ্য দেখি সকলো একপ্ৰকাৰ আচৰিত হৈ পৰে। হয়, ৭৫ বছৰ বয়সতো হেমা মালিনী আগৰ দৰেই ধুনীয়া হৈ আছে। অভিনেত্ৰীগৰাকীৰ 'ফিটনেছ' আৰু সৌন্দৰ্যৰ আগত বয়সে হাৰ মানিবলৈ বাধ্য হৈছে।আজি বলীউডৰ ‘এভাৰগ্ৰীন বিউটি’ হেমা মালিনীৰ সৌন্দৰ্যৰ ৰহস্যৰ বিষয়ে জানো আহক-

Advertisment

যোগ

হেমা মালিনীয়ে প্ৰতিদিনে ৰাতিপুৱা যোগাভ্যাস কৰে।যোগ তেওঁলোকৰ জীৱনশৈলীৰ এটা গুৰুত্বপূৰ্ণ অংশ। ইফালে, প্ৰণায়াম তেওঁৰ যোগৰ অংশ।

টোপনি

অভিনেত্ৰীগৰাকীয়ে ব্যস্ত সময়সূচীৰ মাজতো পৰ্যাপ্ত টোপনি যায়। অভিনেত্ৰীগৰাকীৰ মতে,  মানসিক আৰু শাৰীৰিক চাপ ৰক্ষা কৰিবলৈ যথেষ্ট টোপনি যোৱাটো প্ৰয়োজন।তদুপৰি, তেওঁ  যথেষ্ট পৰিমাণে পানীও খায়। ডিহাইড্ৰেচন পৰিহাৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ  আহাৰত নাৰিকল পানী, গ্ৰীণ টি আৰু ফলৰ ৰস অন্তৰ্ভুক্ত কৰে।

নৃত্য 

হেমা মালিনী এগৰাকী খুব পাকৈত নৃত্যশিল্পী। নৃত্য হৈছে এক প্ৰকাৰৰ ব্যায়াম, যিয়ে শৰীৰটো সুস্থ কৰি ৰাখে।হেমা মালিনীয়ে সময় পালে চাইকেলো চলায়।

স্বাস্থ্যকৰ আহাৰ

হেমাই জৈৱিক তথা প্ৰাকৃতিক খাদ্য খায়। তেওঁ দিনটো এগিলাচ কুহুমীয়া পানীৰে আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ খুব বতৰৰ ফল আৰু পাচলি খায়।

Also Read: পোহৰলৈ আহিল দিশা পাটানীৰ ফিটনেছৰ ৰহস্য