ইলিয়ানা ডিক্ৰুজৰ গৰ্ভত থকা সন্তানৰ পিতৃ কেটৰিনাৰ ভাতৃ নহয়

অৱশেষত পোহৰলৈ আহিল বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজৰ গৰ্ভস্থ সন্তানৰ পিতৃ পৰিচয়।হয়, মাতৃ হ’বলৈ ওলাইছে বলীউডৰ মোহময়ী অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজ। কোনো বলীউডী অভিনেত্ৰীয়ে গৰ্ভধাৰণ কৰিলে তেওঁ প্ৰতিদিনে চৰ্চাৰ শীৰ্ষত থাকে।

author-image
Asomiya Pratidin
New Update
ইলিয়ানা ডিক্ৰুজৰ গৰ্ভত থকা সন্তানৰ পিতৃ কেটৰিনাৰ ভাতৃ নহয়

ডিজিটেল ডেস্ক: অৱশেষত পোহৰলৈ আহিল বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজৰ গৰ্ভস্থ সন্তানৰ পিতৃ পৰিচয়।হয়, মাতৃ হ’বলৈ ওলাইছে বলীউডৰ মোহময়ী অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজ। কোনো বলীউডী অভিনেত্ৰীয়ে গৰ্ভধাৰণ কৰিলে তেওঁ প্ৰতিদিনে চৰ্চাৰ শীৰ্ষত থাকে।ইলিয়ানাও ইয়াৰ ব্যতিক্ৰম নহয়।কিন্তু তেওঁ চৰ্চাত থকাৰ কাৰণ কিছু ব্যতিক্ৰম।অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণৰ বিষয়ে নিজে ছ’চিয়েল মেডিয়াযোগে অনুৰাগীক জানিবলৈ দিয়ে যদিও তেওঁৰ সন্তানৰ পিতৃ কোন, সেয়া জানিবলৈ দিয়া নাছিল।ইমানদিনে স্বামীৰ পৰিচয় লুকুৱাই ৰখাৰ বাবে ইলিয়ানাৰ স্বামীক কেন্দ্ৰ কৰি সকলোৰে উৎসুকতা বৃদ্ধি হৈছিল।

Advertisment

অৱশেষত সেই ৰহস্যময় মানুহজনৰ মুখখন পোহৰলৈ আহিল। দীঘলীয়া অপেক্ষাৰ অন্তত ইলিয়ানাই স্বামীৰ সৈতে কেইখনমান ফটো ‘আপলোড’ কৰিলে ছ’চিয়েল মেডিয়াত।ইলিয়ানাই ফটোৰ শিৰোনামত লেখিছে- 'ডেট নাইট’।ইয়াৰ পাছতেই ছ’চিয়েল মেডিয়াতে অনুৰাগীসকলে তেওঁৰ স্বামীক প্ৰশংসা তথা শুভকামনা জনাইছে। অৱশ্যে, ইলিয়ানাই তেওঁৰ প্ৰেমিকৰ নাম বৰ্তমানেও প্ৰকাশ কৰা নাই। 

আনহাতে, বহুতেই ইলিয়ানাৰ সন্তানৰ পিতৃ কেটৰিনাৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেল বুলিয়েই ভাবি আছিল।এই সন্দৰ্ভত বহু বাতৰিও প্ৰকাশ পাইছিল, যিসমূহ প্ৰকৃততে উৰাবাতৰিহে আছিল।ইলিয়ানাৰ নাম আন বহু ব্যক্তিৰ লগতো সাঙোৰ খাইছে। বহুতেই ইলিয়ানাৰ সন্তানৰ পিতৃ ফটোগ্ৰাফাৰ এণ্ড্ৰিউ নিবোন বুলিও সন্দেহ কৰিছিল।

উল্লেখ্য যে,  ২০০৬ত তেলেগু ছবি ‘দেবাদাসু’ৰে অভিনয় জীৱনৰ পাতনি মেলা ইলিয়ানায়ে ২০১২ত ছুপাৰহিট ছবি ‘বৰ্ফি’ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল। ‘ৰুস্তম’, ‘ৰেইড’, ‘ফটা প’ষ্টাৰ নিকলা হিৰ’, ‘মে তেৰা হিৰ’, ‘হেপ্পী এণ্ডিং’, ‘মুবাৰকা’ আদি হৈছে ইলিয়ানাই অভিনয় কৰা বলীউডৰ কেইখনমান সফল ছবি।

Also Read: বিগ বাজেটৰ দুখন ছবি একেদিনাই মুক্তিক লৈ সৰ্বত্ৰে চৰ্চা