/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/09bb2484-0dcd-4ba3-b657-d3f01f9dc86f/AP_FOR_WEB_sunny_deol.jpg)
ডিজিটেল ডেস্ক: বক্স অফিচত সমুখ সমৰত নামিব বলীউডৰ দুই ছুপাৰষ্টাৰ ছানী দেউল আৰু অক্ষয় কুমাৰ।হয়, অক্ষয়, ছানীৰ বহু প্ৰত্যাশিত দুখন ছবি ক্ৰমে ‘অ’এমজি-২’ আৰু ‘গডাৰ-২’ ১১ আগষ্টত ছবিগৃহলৈ আহিব। এই দুয়োখন ছিকুৱেল ছবি একেদিনাই মুক্তিক কেন্দ্ৰ কৰি এতিয়া ছবিপ্ৰেমী সকলৰ মাজত উৎসাহ দুগুণে বৃদ্ধি পাইছে।
ছানী দেউল আৰু আমিশা পেটেলৰ ‘ব্লকবাষ্টাৰ’ ছবি ‘গডাৰ’ৰ ছিকুৱেল 'গডাৰ ২'ৰ টিজাৰ শেহতীয়াকৈ মুকলি হৈছে।ছবিখনৰ শেহতীয়া মুক্তিপ্ৰাপ্ত এটা গীতে ইতিমধ্যেই শ্ৰোতা-দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। 'গডাৰ ২'ত ছানী-আমিশাৰ প্ৰেম তথা কাহিনী যে আৰু অধিক আকৰ্ষণীয় হ’ব, সেয়া আগতীয়াকৈয়ে অনুৰাগীসকলে অনুমান কৰিব পাৰিছে।১০০ কোটি টকাৰ বাজেটৰে নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে অনিল শৰ্মাই।
আনহাতে, ১১ আগষ্টতে দেশজুৰি মুক্তি পাব অক্ষয় কুমাৰৰ জনপ্ৰিয় ছবি ‘অ’এমজি’ৰ ছিকুৱেল ছবি ‘অ’এমজি-২’।ছবিখনৰ দুখন প’ষ্টাৰ ইতিমধ্যে মুকলি হৈছে।এখনত অক্ষয় কুমাৰক ভগৱান শিৱৰ ৰূপত আৰু আনখনত য়ামী গৌতমক খুৱ ‘ছিৰিয়াছ লুক’ত দেখা গৈছে।ছবিখন পৰিচালনাৰ দায়িত্বত আছে অমিত ৰায়।
আনহাতে, ৰণবীৰ কাপুৰৰ বহুচৰ্চিত ছবি ‘এনিমেল’ও এই দিনটোতে মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া ১ ডিচেম্বৰলৈ ছবিখনৰ মুক্তিৰ তাৰিখ পিছুওৱা হৈছে। উল্লেখ্য যে, ইয়াৰ আগতেও বক্স অফিচত ছানী দেউল আৰু মীনাক্ষী শেশাদ্ৰীৰ ছবি ‘ঘটক’ আৰু অক্ষয় কুমাৰৰ ‘পুত্ৰ’ একেদিনাই মুক্তি লাভ কৰি দুয়োখনই ভাল ব্যৱসায় কৰিছিল।
Also Read: সাতটা জন্মটো বাদেই, সাত দিনো দৰাৰ লগত নাথাকিল নৱবিবাহিতা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us