/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8683514d-ce8f-4b47-8a90-cdf03f612b41/AP_FOR_WEB_Arbaz__1_.jpg)
ডিজিটেল ডেস্ক: পুনৰ বাৰ প্ৰেমিকাৰ প্ৰতাৰণাৰ বলি হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা তথা প্ৰযোজক আৰবাজ খান।হয়, মডেল-অভিনেতা জিঅৰ্জিয়া এন্দ্ৰিয়ানিয়ে আৰবাজৰ সৈতে তেওঁৰ সম্পৰ্ক ছেদ হোৱাৰ বিষয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। জিঅৰ্জিয়াই শেহতীয়া এক সাক্ষাৎকাৰত তেওঁলোকৰ বিচ্ছেদৰ খবৰ যে সঁচা, সেয়া নিশ্চিত কৰে।
জিঅৰ্জিয়াই লগতে উল্লেখ কৰে যে, ‘মই আৰু আৰবাজে জানিছিলো যে আমাৰ সম্পৰ্ক চিৰকাল স্থায়ী নহ'ব। আৰবাজক মোৰ 'সৰ্বশ্ৰেষ্ঠ বন্ধু'। মোৰ সদায় তেওঁৰ প্ৰতি অনুভৱ থাকিব। মালাইকাৰ সৈতে তেওঁৰ যি সম্পৰ্ক আছিল সেয়া সঁচাকৈয়ে আমাৰ সম্পৰ্কত হেঙাৰ হোৱা নাছিল।আমি দুয়োজনেই আমাৰ সিদ্ধান্তক সন্মান কৰো।’
আৰবাজ খান আৰু জিঅৰ্জিয়া এন্দ্ৰিয়ানিৰ বিচ্ছেদৰ বাতৰি দীৰ্ঘদিনৰ পৰা চৰ্চাত আছিল যদিও সমগ্ৰ বিষয়টো স্পষ্ট হোৱা নাছিল।তেওঁলোকক শেষবাৰৰ বাবে এই বছৰৰ এপ্ৰিলত এখন আই পি এল খেলৰ সময়ত একেলগে দেখা গৈছিল।ইয়াৰ পূৰ্বেও জিঅৰ্জিয়াই কৈছিল, ‘আমি বহুত ভাল বন্ধু।বিয়াৰ কথা আমি চিন্তা কৰা নাই।’ অৱশ্যে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমানেও মুখ খোলা নাই আৰবাজ খানে।অনুৰাগীসকলৰ মতে, আৰবাজ খানক প্ৰতাৰণা কৰিলে জিঅৰ্জিয়াই। উল্লেখ্য, আৰবাজ আৰু জিঅৰ্জিয়া ২০১৭ চনৰ পৰা প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল।
Also Read: সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল