সাতটা জন্মটো বাদেই, সাত দিনো দৰাৰ লগত নাথাকিল নৱবিবাহিতা

স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক হেনো সাতটা জন্মৰ। এই সম্পৰ্কত বান্ধ খাই পৰাৰ পিছত তেওঁলোকে মৃত্যুলৈকে ইজনে সিজনক সমৰ্থন কৰিব লাগে।কিন্তু এতিয়া দিন সলনি হৈছে।

author-image
Asomiya Pratidin
New Update
সাতটা জন্মটো বাদেই, সাত দিনো দৰাৰ লগত নাথাকিল নৱবিবাহিতা

ডিজিটেল ডেস্ক: স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক হেনো সাতটা জন্মৰ। এই সম্পৰ্কত বান্ধ খাই পৰাৰ পিছত তেওঁলোকে মৃত্যুলৈকে ইজনে সিজনক সমৰ্থন কৰিব লাগে।কিন্তু এতিয়া দিন সলনি হৈছে।স্বামী-পত্নীৰ মাজত তেনে কোনো এতিয়া নাইকিয়া হৈছে। শেহতীয়া এক ঘটনাই এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে।হয়, এই আচৰিত ঘটনাটো ঘটিছে জয়পুৰত।এগৰাকী নৱবিবাহিতাই সাতটা জন্মটো বাদেই, স্বামীৰ লগত সাতটা দিনো নাথাকিল।

Advertisment

সম্প্ৰতি চৰ্চাত থকা এই বিয়াখন প্ৰায় কেইদিন আগতে ৰাজস্থানৰ চিকাৰত হৈছিল।নৱবিবাহিত এই দম্পতীহাল আনসকলৰ দৰেই বিয়াৰ পাছত মধুচন্দ্রিমা(হানিমুন)ৰ বাবে জয়পুৰলৈ গৈছিল। জয়পুৰত তেওঁলোকে হোটেলৰ এটা কোঠা বুক কৰিছিল। তাৰ পিছত দুয়ো পিংক স্কোৱেৰ মলত থকা ছবিগৃহত এখন চিনেমাখন চোৱাৰ পৰিকল্পনা কৰে। চিনেমাৰ মধ্যৱৰ্তী সময়ত স্বামী খাদ্য আনিবলৈ বাহিৰলৈ যায়।ইয়াৰ সুযোগ লৈয়ে সেইসময়তে চিনেমা হলৰ পৰা পত্নী পলাই দিয়ে।খাদ্য সামগ্ৰী লৈ যেতিয়া স্বামী ঘূৰি আহিছিল, তেওঁ পত্নীক তাত নথকা দেখি আচৰিত হৈছিল।

ছবিগৃহ আৰু মলত দীঘলীয়া সময় ধৰি বিচাৰি থকাৰ পিছতো পত্নীক বিচাৰি নাপাই স্বামীগৰাকী আৰক্ষীৰ কাষ চাপে।আৰক্ষীয়ে পলাই যোৱা নৱবিবাহিতাক বিচাৰ-খোচাৰ কৰিছিল যদিও পাছত তেওঁ নিজেই আৰক্ষী চকীত ধৰা দিয়ে।আৰক্ষীৰ সন্মুখত বিয়াখনত সুখী নহয় বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি স্পষ্টভাৱে প্ৰকাশ কৰে।অৱশ্যে, দুয়ো পৰিয়ালৰ মাজত এই সম্পৰ্কক চিৰস্থায়ী কৰিবলৈ সম্প্ৰতি কথা চলি আছে।

Also Read: ধৰ্মীয় অনুষ্ঠানত প্ৰেমৰ প্ৰস্তাৱ দিয়াক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া