‘গডাৰ-২’ত অভিনয়ৰ বাবে আমিশাক দিবলগীয়া হৈছিল ছয় মাহৰ প্ৰশিক্ষণ

অতুলনীয় সৌন্দৰ্য আৰু অদমনীয় অভিনয়ৰ বাবে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী আমিশা পেটেলে। কিন্তু শেহতীয়াকৈ এইগৰাকী অভিনেত্ৰীৰ অভিনয় দক্ষতা সন্দৰ্ভত উত্থাপিত হৈছে বহু প্ৰশ্ন। হয়, অভিনয়ত হেনো দুৰ্বল আমিশা পেটেল।

author-image
Asomiya Pratidin
New Update
‘গডাৰ-২’ত অভিনয়ৰ বাবে আমিশাক দিবলগীয়া হৈছিল ছয় মাহৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্ক: অতুলনীয় সৌন্দৰ্য আৰু অদমনীয় অভিনয়ৰ বাবে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী আমিশা পেটেলে। কিন্তু শেহতীয়াকৈ এইগৰাকী অভিনেত্ৰীৰ অভিনয় দক্ষতা সন্দৰ্ভত উত্থাপিত হৈছে বহু প্ৰশ্ন। হয়, অভিনয়ত হেনো দুৰ্বল আমিশা পেটেল।এয়া তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ব্লকবাষ্টাৰ ছবি 'গডাৰ-২'ৰ পৰিচালক  অনিল শৰ্মাৰ মন্তব্য।

Advertisment

অনিল শৰ্মাই বৰ্তমান ব্লকবাষ্টাৰ 'গদাৰ ২'ৰ সফলতা উপভোগ কৰি আছে।কিন্তু শেহতীয়াকৈ তেওঁৰ এক মন্তব্যই দৰ্শকৰ মনত যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰিছে।এক সাক্ষাৎকাৰত পৰিচালকজনে 'গডাৰ-২'ৰ মূল অভিনেতা ছানী দেউলৰ প্ৰশংসাত পঞ্চমূখ হোৱাৰ বিপৰীতে অভিনেত্ৰী আমিশা পেটেলৰ অভিনয় সন্দৰ্ভত কেতবোৰ আচৰিত হ'বলগীয়া মন্তব্য কৰিছে। তেওঁ কয় যে, ছাকিনাৰ চৰিত্ৰ ৰূপায়নৰ বাবে আমিশা নিখুঁট যদিও এই চৰিত্ৰত অভিনয় কৰিবলৈ প্ৰথমে তেওঁ খুবেই দুৰ্বল আছিল।যাৰ বাবে অভিনেত্ৰীগৰাকীক ছয়মাহৰ প্ৰশিক্ষণ দিবলগীয়া হৈছিল।এই ছয়মাহত প্ৰতিদিনে তেওঁক ৪-৫ ঘণ্টাকৈ প্ৰশিক্ষণ দিবলগীয়া হৈছিল।

সি যি কি নহওঁক, ২০০১ চনত মুক্তিপ্ৰাপ্ত ‘গডাৰ এক প্ৰেম কাথা’ৰ ছিকুৱেল ‘গডাৰ-২’য়ে বলীউডৰ বহু অভিলেখ ভংগ কৰিলে।একে সময়তে সকলো দৰ্শকে ছানী দেউল আৰু আমিশা পেটেলৰ দুৰ্দান্ত অভিনয়ৰো শলাগ ল’লে।

Also Read: বিয়াৰ আগতেই ‘শহুৰ’ অমিতাভক চুম্বন কৰিছিল ৰাণী মুখাৰ্জীয়ে, জয়াই ভাঙিলে বিয়া