/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/41232ab3-aa84-4436-9394-cb38c6417fb1/AP_FOR_WEB___________.jpg)
ডিজিটেল ডেস্ক: ‘আদিপুৰুষ’ ছবিখনৰ মুক্তিৰ পিছৰে পৰা ছুপাৰষ্টাৰ প্ৰভাস যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। সকলো সময়তে চৰ্চাত থকা এই অভিনেতাজনৰ এখন নতুন ছবি এতিয়া মুক্তিৰ বাবে সাজু হৈ উঠিছে। ছবিখনৰ নাম ‘প্ৰজেক্ট কে’।নাম ঘোষনাৰ দিনৰ পৰাই দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা এই ছবিখনৰ প’ষ্টাৰ প্ৰভাসে ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে।‘প্ৰজেক্ট কে’ৰ প’ষ্টাৰখন ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই অভিনেতাজন খুব বেয়াকৈ ট্ৰ’ল হৈছে।
এই ছবিখনত ভগৱান বিষ্ণুক হিন্দু ধৰ্মৰ পৌৰাণিক বিশ্বাসৰ সৈতে আধুনিক অৱতাৰত দেখুওৱা হৈছে। আনহাতে, ছবিখনৰ প’ষ্টাৰখনত প্ৰভাসক খলনায়কৰ পোছাক পিন্ধা দেখা গৈছে।এই বিশেষ পোছাকযোৰে প্ৰভাসৰ গোটেই শৰীৰটো ঢাকি ৰাখিছে।তেওঁৰ চুলিখিনি দীঘল দেখা গৈছে। প’ষ্টাৰখন মুকলি হোৱাৰ পাছতে ছবিখনৰ সমান্তৰালকৈ প্ৰভাস ছ'চিয়েল মিডিয়াত নিৰন্তৰ 'ট্ৰেণ্ডিং'ত আছে।
প’ষ্টাৰখনত অভিনেতাজনৰ চেহেৰা দেখি অনুৰাগীসকলেও তেওঁক সীমাহীন সমালোচনা কৰিছে। ‘আদিপুৰুষ’ৰ দৰে যাতে দৰ্শকক প্ৰভাসে নিৰাশ নকৰে, তাৰ বাবে অনুৰাগীসকলে প্ৰভাসক অনুৰোধ জনাইছে। প্ৰভাসৰ লগতে এই ছবিখনত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে। ‘প্ৰজেক্ট কে’ত প্ৰথমবাৰৰ বাবে প্ৰভাস আৰু দীপিকাক দৰ্শকে একেলগে দেখিবলৈ পাব। প্ৰভাস-দীপিকাৰ লগতে এই ছবিখনত কমল হাছান, অমিতাভ বচ্চন আৰু দিশা পাটানীকো দৰ্শকে কেইটামান বিশেষ চৰিত্ৰত দেখিবলৈ পাব।
Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত