ছ’চিয়েল মেডিয়াত সমালোচনাৰে থকা-সৰকা কৰিছে হেমা-ধৰ্মেন্দ্ৰৰ কন্যাক

ছ’চিয়েল মেডিয়াত সমালোচনাৰে থকা-সৰকা কৰিছে হেমা-ধৰ্মেন্দ্ৰৰ কন্যাক

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী ঈশা দেউল সম্প্ৰতি চৰ্চাত শীৰ্ষত আছে।সেয়া অৱশ্যে তেওঁৰ কোনো ছবিৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে সকলোয়ে মুখে মুখে লৈছে এইগৰাকী অভিনেত্ৰীৰ নাম।হয়, সংসাৰ ভাঙিল ঈশা আৰু তেওঁৰ স্বামী ভাৰত তাখতানিকৰ। বিবাহৰ ১১ বছৰৰ পিছত দম্পতীহালে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।

এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে ছ’চিয়েল মেডিয়াত ঈশাক খুব বেয়াকৈ সমালোচনা কৰিছে।বহু অনুৰাগীৰ মতে, ঈশাৰ ভুলৰ বাবেই হেনো তেওঁলোকৰ সুখৰ সংসাৰখন ভাঙিছে। ইফালে, বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে শেহতীয়াকৈ ঈশা দেউলক বিমানবন্দৰত দেখা গৈছে।সাধাৰণ পোছাকত বিমান বন্দৰত তোলা ঈশাৰ হাঁহিমুখীয়া ফটো ক্ষন্তেকতে ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক লক্ষ্য কৰি বহু সমালোচনা কৰিছে।

ঈশা আৰু ভাৰতৰ বিবাহ বিচ্ছেদৰ খবৰ শুনি হতবাক হোৱা অনুৰাগীসকলে ঈশাক হাঁহি থকা দেখি ছ’চিয়েল মেডিয়াত লেখিছে- 'বিবাহ বিচ্ছেদৰ পাছত ঈশা হয়তো খুব সুখী হৈছে।যাৰ বাবে মুখত তেওঁৰ এনে হাঁহি দেখা গৈছে।’ একাংশই আকৌ স্বামীৰ পৰিয়ালৰ লগত মিলিব নোৱাৰি  ঈশাই এইদৰে সংসাৰ ভঙাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে। বহুতে অৱশ্যে এই বিবাহ বিচ্ছেদৰ কাৰণো সুধিছে অভিনেত্ৰীগৰাকীক। উল্লেখ্য যে, ৰাধা আৰু মিৰায়া নামৰ দুগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ ঈশা আৰু ভাৰতৰ বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আনহাতে, ঈশাৰ পিতৃ ধৰ্মেন্দ্ৰ, মাতৃ হেমা মালিনী তথা দেউল পৰিয়ালে বৰ্তমানেও এই সন্দৰ্ভত মুখ খোলা নাই।

ছ’চিয়েল মেডিয়াত সমালোচনাৰে থকা-সৰকা কৰিছে হেমা-ধৰ্মেন্দ্ৰৰ কন্যাক
সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in