মুক্তিৰ বাবে সাজু হৃতিক-দীপিকাৰ বহু প্ৰত্যাশিত ‘ফাইটাৰ’

অনিল কাপুৰ, বিগত বহুকেইটা দশক ধৰি বলীউডত ৰাজত্ব কৰা এইজন অভিনেতাৰ অভিনয় শৈলীৰ পুনৰ প্ৰশংসা কৰাৰ প্ৰয়োজন নাই।সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘এনিমেল’ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয় তথা ফিটনেছৰ বাবে তেওঁ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে।শেহতীয়াকৈ আন এখন ছবিৰ বাবেও অনুৰাগীৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেতাজন

author-image
Asomiya Pratidin
New Update
মুক্তিৰ বাবে সাজু হৃতিক-দীপিকাৰ বহু প্ৰত্যাশিত ‘ফাইটাৰ’

ডিজিটেল ডেস্ক: অনিল কাপুৰ, বিগত বহুকেইটা দশক ধৰি বলীউডত ৰাজত্ব কৰা এইজন অভিনেতাৰ অভিনয় শৈলীৰ পুনৰ প্ৰশংসা কৰাৰ প্ৰয়োজন নাই।সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘এনিমেল’ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয় তথা ফিটনেছৰ বাবে তেওঁ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে।শেহতীয়াকৈ আন এখন ছবিৰ বাবেও অনুৰাগীৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেতাজন।

Advertisment

হয়, মুক্তিৰ অপেক্ষাত থকা ছবি ‘ফাইটাৰ’ৰ ‘ফাৰ্ষ্ট লুক’ ইতিমধ্যে প্ৰকাশ পাইছে।একছনধৰ্মী এই ছবিখনৰ ‘ফাৰ্ষ্ট লুক’ত হৃতিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰক খুব আকৰ্ষণীয় ৰূপত দেখা গৈছে।‘ফাইটাৰ’ত অনিল কাপুৰক কেপ্টেইন ৰাকেশ জয় সিঙৰ চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব। আচৰিত কথা এয়ে যে, ‘এনিমেল’ৰ পাছত অনিল কাপুৰে লাভ কৰিলে এটা নতুন পৰিচয়।হয়, ‘এনিমেল’ত অনিল কাপুৰে ৰূপায়ন কৰা বলবীৰ সিঙৰ চৰিত্ৰটো অনুৰাগীসকলে ইমানেই ভাল পাইছে যে এতিয়া অভিনেতাজনক সকলোয়ে বলবীৰ সিং বুলিয়েই সম্বোধন কৰিবলৈ লৈছে। 

সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত ‘ফাইটাৰ’ত মুখ্য চৰিত্ৰত হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনকো অভিনয় কৰিছে।আগন্তুক বৰ্ষৰ ২৫ জানুৱাৰীত মুক্তি পাব লগীয়া এই ছবিখনৰ বিষয়ে সিদ্ধাৰ্থ আনন্দে ২০২১ চনতে ঘোষণা কৰিছিল।ছবিখনৰ নাম উল্লেখ কৰি পৰিচালকজনে  ছ'চিয়েল মেডিয়াত লেখিছিল, ‘প্ৰথমবাৰৰ বাবে মোৰ দুজন প্ৰিয় তাৰকা হৃত্বিক আৰু দীপিকাক একত্ৰিত কৰাৰ বাবে এইটো নিশ্চিতভাৱে মোৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ মুহূৰ্তবোৰৰ এটা।’ উল্লেখ্য যে, ২৫০ কোটি টকাৰ বাজটৰে নিৰ্মাণ কৰা এই ছবিখনত কৰণ সিং গ্ৰোভাৰ, অক্ষয় অবেৰয়, তালত আজিৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

Also Read: ‘বুন টিক্কি’ৰ জৰিয়তে পৰ্দালৈ উভতিবলৈ সাজু দুই প্ৰখ্যাত অভিনেত্ৰী