শ্বাহৰুখ খানৰ ‘ডংকী’ত প্ৰিয়ংকা চাহাৰ চৌধুৰী

‘বিগ বছ ১৬’ৰ ‘ডিভা’ প্ৰিয়ংকা চাহাৰ চৌধুৰীয়ে ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰচাৰিত ধাৰাবাহিক ‘উদাৰিয়া’ত অদমনীয় অভিনয় কৰি দৰ্শকৰ আগত চিনাকি হৈ পৰিছিল।এগৰাকী সফল মডেল হিচাপেও আন এক পৰিচয় আছে প্ৰিয়ংকাৰ।ইফালে, ছ’ছিয়েল মেডিয়াৰ এক সমীক্ষাৰ মতে, প্ৰিয়ংকাই হ’ব ‘বিগ বছ ১৬’ৰ বিজেতা।

author-image
asomiyapratidin
New Update
শ্বাহৰুখ খানৰ ‘ডংকী’ত প্ৰিয়ংকা চাহাৰ চৌধুৰী

ডিজিটেল ডেস্ক: প্ৰিয়ংকা চাহাৰ চৌধুৰী, প্ৰতিগৰাকী টেলিভিছন দৰ্শকৰ পছন্দ এতিয়া এইগৰাকী অভিনেত্ৰী। টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ জৰিয়তে প্ৰতিগৰাকী দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকাই।শেহতীয়াকৈ ৰাজহুৱা হোৱা এক খবৰে প্ৰিয়ংকাৰ অনুৰাগীৰ মাজলৈ আন এক সুখৰ বতৰা কঢ়িয়াই আনিছে।হয়, অতি সোনকালে প্ৰিয়ংকাক দৰ্শকে দেখিবলৈ পাব বলীউডৰ ছবিত।

Advertisment

খবৰ অনুসৰি, শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি ‘ডাংকী’ত অভিনয়ৰ বাবে বাচনি কৰা হৈছে প্ৰিয়ংকাক।এই খবৰ চৌদিশে বিয়পি পৰাৰ পাছতে অনুৰাগীসকলৰ মাজত উত্তেজনা দুগুণে বৃদ্ধি পাইছে। বহু অনুৰাগীয়ে ছ’ছিয়েল মেডিয়াৰ যোগেদি প্ৰিয়ংকাক ইতিমধ্যে শুভকামনাও জনাইছে।

উল্লেখ্য, মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ‘ডাংকী’ৰ পৰিচালনা ৰাজকুমাৰ হিৰানীৰ।ছবিখনত শ্বাহৰুখৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিব তাপসী পান্নু আৰু বুমন ইৰানীয়ে। ‘ডাংকী’ৰ কাহিনী ৰাজকুমাৰ হিৰানী,কনিকা ধিলান আৰু  অভিজিত যোশীৰ।এই বছৰৰ শেষৰ ফালে মুক্তি পাব লগীয়া ‘ডাংকী’ৰ শ্বুটিং অতি সোনকালেই আৰম্ভ হ’ব।

‘বিগ বছ ১৬’ৰ ‘ডিভা’ প্ৰিয়ংকা চাহাৰ চৌধুৰীয়ে ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰচাৰিত ধাৰাবাহিক ‘উদাৰিয়া’ত অদমনীয় অভিনয় কৰি দৰ্শকৰ আগত চিনাকি হৈ পৰিছিল।এগৰাকী সফল মডেল হিচাপেও আন এক পৰিচয় আছে প্ৰিয়ংকাৰ।ইফালে, ছ’ছিয়েল মেডিয়াৰ এক সমীক্ষাৰ মতে, প্ৰিয়ংকাই হ’ব ‘বিগ বছ ১৬’ৰ বিজেতা।

Also Read: বৰুণ -জাহ্নৱীক চাবলৈ দৰ্শকে কৰিব লাগিব আৰু অপেক্ষা