‘ছানী সংস্কাৰী কি তুলসী কুমাৰী’ৰ বাবে আপুনি সাজুনে ?

‘হাম্পটি শৰ্মা কি দুলহানিয়া’ আৰু ‘বদ্ৰীনাথ কি দুলহানিয়া’ৰ সফলতাৰ পিছত পুনৰ একেলগ হ’ল বৰুণ ধাৱান আৰু শশাংক খৈতান।হয়, শেহতীয়াকৈ ৰাজহুৱা কৰা হৈছে দুলহানিয়া ছিৰিজৰ এই তৃতীয়খন ছবিৰ নাম। ‘ছানী সংস্কাৰী কি তুলসী কুমাৰী’ শীৰ্ষক এই ছবিখনৰ প্ৰযোজনা কৰণ জোহৰৰ।

author-image
Asomiya Pratidin
New Update
‘ছানী সংস্কাৰী কি তুলসী কুমাৰী’ৰ বাবে আপুনি সাজুনে ?

ডিজিটেল ডেস্ক: ‘হাম্পটি শৰ্মা কি দুলহানিয়া’ আৰু ‘বদ্ৰীনাথ কি দুলহানিয়া’ৰ সফলতাৰ পিছত পুনৰ একেলগ হ’ল বৰুণ ধাৱান আৰু শশাংক খৈতান।হয়, শেহতীয়াকৈ ৰাজহুৱা কৰা হৈছে দুলহানিয়া ছিৰিজৰ এই তৃতীয়খন ছবিৰ নাম। ‘ছানী সংস্কাৰী কি তুলসী কুমাৰী’ শীৰ্ষক এই ছবিখনৰ প্ৰযোজনা কৰণ জোহৰৰ।কিন্তু এইখন ছবিত দেখা পোৱা নাযাব এই ছিৰিজৰ পূৰ্বৰ দুখন ছবিত দুৰ্দান্ত অভিনয় কৰা অভিনেত্ৰী আলিয়া ভাটক।

Advertisment

এইবাৰ এইখন ছবিখনত আলিয়াৰ সলনি দৰ্শকে দেখিবলৈ পাব জাহ্নবী কাপুৰক।জাহ্নৱীয়ে ‘ছানী সংস্কাৰী কি তুলসী কুমাৰী’ত তুলসী কুমাৰীৰ চৰিত্ৰত অভিনয় কৰিব।আনহাতে, বৰুণে ছানী সংস্কাৰীৰ চৰিত্ৰত অভিনয় কৰিব।এই ছবিখনৰ আনুষ্ঠানিক ঘোষণাৰ এটা ভিডিঅ' শেহতীয়াকৈ কৰণ জোহৰ আৰু ছবিৰ মুখ্য কলাকুশলী আৰু নিৰ্মাতাসকলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। 

ইফালে, ৰোমাণ্টিক ধৰ্মী এই ছবিখনত আলিয়াক বাদ দি জাহ্নৱীক অভিনয়ৰ বাবে চুক্তিবদ্ধ কৰোৱাৰ সিদ্ধান্ত হেনো কৰণ জোহৰৰ।ইয়াত ছবিখনৰ পৰিচালক শশাংক খৈতানৰ কোনো হাত নাই। পিছে, কি পৰিস্থিতিত ‘আলিয়া প্ৰিয়’ কৰণে এই কাম কৰিছে, সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।উল্লেখ্য যে, নিৰ্মাণৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনে আগন্তুক বৰ্ষৰ ১৮ এপ্ৰিলত মুক্তি লাভ কৰিব।

Also Read: অনন্ত আম্বানীৰ বিয়াৰ অনুষ্ঠানত অতিথিয়ে
পিন্ধিব নোৱাৰিব যিকোনো কাপোৰ