অনন্ত আম্বানীৰ বিয়াৰ অনুষ্ঠানত অতিথিয়ে পিন্ধিব নোৱাৰিব যিকোনো কাপোৰ

দেশৰ অন্যতম ধনী ব্যক্তি হিচাপে খ্যাত মুকেশ আম্বানীৰ ঘৰত এতিয়া উখল-মাখল পৰিবেশ।হয়, চমু চাপিল আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ দিন। অনন্ত আৰু ৰাধিকা মাৰ্চেণ্টৰ বাগদান সম্পূৰ্ণ হোৱাৰে পৰাই এই বিয়াখন বিশেষ চৰ্চাত আছে।

author-image
Asomiya Pratidin
New Update
অনন্ত আম্বানীৰ বিয়াৰ অনুষ্ঠানত অতিথিয়ে
পিন্ধিব নোৱাৰিব যিকোনো কাপোৰ

ডিজিটেল ডেস্ক: দেশৰ অন্যতম ধনী ব্যক্তি হিচাপে খ্যাত মুকেশ আম্বানীৰ ঘৰত এতিয়া উখল-মাখল পৰিবেশ।হয়, চমু চাপিল আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ দিন। অনন্ত আৰু ৰাধিকা মাৰ্চেণ্টৰ বাগদান সম্পূৰ্ণ হোৱাৰে পৰাই এই বিয়াখন বিশেষ চৰ্চাত আছে।

Advertisment

অনন্ত আৰু ৰাধিকাৰ বিয়াৰ পূৰ্বৰ নীতি-নিয়মসমূহ ১-৩ মাৰ্চত অনুষ্ঠিত হ'ব।এই অনুষ্ঠানসমূহৰ বাবে অতিথিৰ তালিকা আৰু অতিথিৰ ‘ড্ৰেছ ক’ড’ আদি ঠিক কৰা হৈছে।অতিথিৰ তালিকাত নামী-দামী গায়ক, তাৰকাকে ধৰি বহুকেইজন আগশাৰীৰ খেলুৱৈৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। বিশ্বৰ বিশিষ্ট ব্যক্তিসকলক এই অনুষ্ঠানলৈ প্ৰেৰণ কৰা ডিজিটেল আমন্ত্ৰণটোত আম্বানী পৰিয়ালে উল্লেখ কৰা মতে, ‘আনন্দ আৰু উত্তেজনাৰে ভৰা অনন্ত আৰু ৰাধিকাৰ বিবাহৰ এই আগতীয়া কাৰ্যসূচীসমূহ উদযাপনলৈ আমি আপোনাক আন্তৰিকতাৰে জামনগৰস্থিত আমাৰ ঘৰলৈ আমন্ত্ৰণ জনাইছো। আমাৰ পৰিয়ালৰ সৈতে আনন্দ, প্ৰেম আৰু হাঁহিত ভাগ ল'বলৈ সকলো আহিব । আপোনালোকক অভ্যথনা কৰিবলৈ আমি অপেক্ষা কৰিম।’

উল্লেখ্য যে, মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ২০২২ চনত উদ্যোগপতি বীৰেন মাৰ্চেণ্ট আৰু ব্যৱসায়ী মহিলা শৈলা মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগদান খুব ধুম-ধামৰে অনুষ্ঠিত হৈছিল।অনন্ত আৰু ৰাধিকাৰ বিয়াখন অৱশ্যে জুলাইতহে হ’ব।

Also Read: শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী