Drishyam 2: ‘পাইৰেচি’ৰ চিকাৰ হ’ল ‘দৃশ্যম-২’

‘বক্স অফিচ কালেকছন’ত প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
Drishyam 2: ‘পাইৰেচি’ৰ চিকাৰ হ’ল ‘দৃশ্যম-২’

ডিজিটেল ডেস্ক: Drishyam 2: আজি সমগ্ৰ দেশজুৰি মুক্তি পালে বহু চৰ্চিত ছবি ‘দৃশ্যম-২’ । ‘দৃশ্যম-২’ ২০২১ মুক্তি পোৱা মালয়ালম ছবি ‘দৃশ্যম’ৰ ৰিমেক তথা ২০১৫ত মুক্তিপ্ৰাপ্ত সফল হিন্দী ছবি ‘দৃশ্যম’ৰ ছিকুৱেল।এই ছিকুৱেল ছবিখনে মুক্তিৰ পাছতেই সকলোতে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ছবিখন উপভোগ কৰি ছবিগৃহৰ পৰা ওলাই অহা দৰ্শকে ছবিখনক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে।সকলোয়ে একেমূখে ছবিখনৰ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ শলাগ লৈছে।ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগন, টাবু আৰু অক্ষয় খান্নাই।আন আন চৰিত্ৰত অভিনয় কৰিছে শ্ৰেয়া চৰণ,ঈশিকা দত্ত, ৰজত কাপুৰ, সৌৰভ শুক্লা, নেহা যোশী, কমলেশ ছাৱন্ত,ৰাজীৱ কুমাৰ, যোগেশ ছুমনকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।ছবিখনত অক্ষয় খান্নাক সম্পূৰ্ণ এক নতুন ৰূপত দেখা গৈছে।ছবিখন পৰিচালনা কৰিছে অভিষেক পাঠকে।ভূষণ কুমাৰ, কুমাৰ মংগত পাঠক,অভিষেক পাঠক আৰু কৃষ্ণ কুমাৰে প্ৰযোজনা কৰা ‘দৃশ্যম-২’ৰ কাহিনী জিতু যোছেফৰ।সংগীত পৰিচালনাৰ দায়িত্বত আছে দেৱী শ্ৰী প্ৰসাদ আৰু গীতৰ কথা অমিতাভ ভট্টাচাৰ্যৰ।

Advertisment

ছবিখন উপভোগ কৰা একাংশ দৰ্শকৰ মতে, ‘দৃশ্যম -২’ ছিকুৱেল ছবিৰ এক উৎকৃষ্ট উদাহৰণ।কেনেকৈ এখন ছিকুৱেল ছবি নিৰ্মাণ কৰিব লাগে, ‘দৃশ্যম-২’ য়ে সেয়া শিকাইছে। কাহিনীৰ ফালৰ পৰাও ছবিখন যথেষ্ট উন্নত।

Also Read: Ravi Sarmah's Raghupati: ডিচেম্বৰত ছবিগৃহলৈ আহিব ‘ৰঘুপতি’

ইফালে, আন একাংশ দৰ্শকে ছবিখনৰ বিখ্যাত সংলাপ ‘২ অক্টোবৰ’ৰ বিষয়ে ছ’ছিয়েল মেডিয়াত বহু পষ্ট শ্বেয়াৰ কৰি ছবিখনৰ গুণ বখানিছে।ছ’ছিয়েল মেডিয়াত ‘দৃশ্যম-২’ৰ প’ষ্টাৰ তথা ভিডিঅ’ শ্বেয়াৰ কৰি ছবিখনক লৈ যথেষ্ট আশাবাদী বুলি অনুৰাগীক জনাইছে অজয় দেৱগনে।

আনহাতে, মুক্তিৰ পাছতে ‘পাইৰেচি’ৰ চিকাৰ হ’ল বহু চৰ্চিত ‘দৃশ্যম-২’।তাকে লৈ এতিয়া অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ বিপৰীতে ছবিখনৰ লগত জড়িত সকলো স্বাভাৱিকভাৱেই চিন্তিত হৈ পৰিছে। কোনো দুষ্ট চক্ৰই ছবিখন ইতিমধ্যেই বিভিন্ন মাধ্যমত উপলদ্ধ কৰিছে।যাৰ বাবে ছবিখনৰ ‘বক্স অফিচ কালেকছন’ত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। 

bollywood movie dishyam2