/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ffcf7929-9957-4029-99bf-1db5f1e1d680/AP_FOR_WEB_masoor_gulati.jpg)
ডিজিটেল ডেস্ক: ‘ডক্টৰ মছুৰ গুলাটী’।টেলিভিছনৰ অন্যতম জনপ্ৰিয় এই চৰিত্ৰটো ৰূপায়ন কৰা সুনীল গ্ৰ’ভাৰক চিনি নোপোৱা দৰ্শক এইখন দেশত নাই বুলিয়েই ক’ব পাৰি।টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ত মছুৰ গুলাটী, ৰিংকু দেৱীৰ লগতে আন বহুকেইটা চৰিত্ৰ ৰূপায়ন কৰি প্ৰতিগৰাকী দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল অভিনেতাজনে।পিছে এতিয়া এইগৰাকী অভিনেতাৰ তথৈবচ অৱস্থা।কপিল শৰ্মাৰ শ্ব’ আধাতে এৰাৰ ফলত সুনীলে এতিয়া শাক-পাচলি বেপাৰ কৰিবলগীয়া হৈছে
সুনীল গ্ৰ’ভাৰে তেওঁৰ এই অৱস্থাৰ এখন ফটো ছ’ছিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰাৰ পাছতেই অনুৰাগীৰ মাজত হৈ-চৈ লাগিছে।অভিনেতাজনৰ হতাশাগ্ৰস্ত অৱস্থা দেখি অনুৰাগীসকল সঁচাকৈয়ে চিন্তিত হৈ পৰিছে।
নিজৰ ইষ্টাগ্ৰাম একাউন্টত ‘শ্বেয়াৰ’ কৰা ফটোখনত অভিনেতাজনক আলু আৰু পিয়াজ বিক্ৰী কৰা দেখা গৈছে।অতি সাধাৰণ এজোৰ কাপোৰ পিন্ধি আলু আৰু পিয়াজ আগত লৈ অতি চিন্তিত ৰূপত দেখা গৈছে অভিনেতাজনক।অৱশ্যে, একাংশ অনুৰাগীয়ে এয়া অভিনেতাজনৰ নতুন কামৰ নতুন ৰূপ বুলিয়েই অনুমান কৰিছে যদিও এই সন্দৰ্ভত স্পষ্ট কৰা নাই অভিনেতাজনে।আনহাতে, কেইদিনমান পূৰ্বে গাখীৰ বিক্ৰেতাৰ ৰূপতো দেখা গৈছিল সুনীল গ্ৰ’ভাৰক।
উল্লেখ্য, হিন্দীৰ লগতে পাঞ্জাৱী ছবি আৰু দূৰদৰ্শনৰ অতি জনপ্ৰিয় এই অভিনেতাজন ‘কমেডী নাইটছ উইথ কপিল’ত ‘গুট্টি’ৰ চৰিত্ৰত অভিনয় কৰি সীমাহীন চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল।তেওঁক বলীউডৰ ছবি ‘গব্বৰ ইজ বেক’, ‘দ্য লেজেণ্ড অফ ভগত সিং’ আৰু ‘ভাৰত’তো অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁক ‘গুডবয়’ নামৰ ছবিখনত দৰ্শকে দেখিবলৈ পাইছে।
Also Read: পাঠানৰ পিছত কি চাব : একেলগে মুক্তিৰ বাবে সাজু মেগা বাজেটৰ ৩ ছবি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us