অসমীয়া কইনাৰ দৰেই পাটৰ কপোৰ পিন্ধিলে দেৱলীনাই

বিয়াৰ খবৰ অনুৰাগীক নিদিলেও কিন্তু অভিনেত্ৰীগৰাকীয়ে বিয়াৰ প্ৰতিটো বিয়াৰ প্ৰতিটো কাৰ্যসূচীৰ ভিডিঅ' আৰু ফটো ছচিয়েল মিডিয়াত 'শ্বেয়াৰ' কৰি আছে।

author-image
Asomiya Pratidin
New Update
অসমীয়া কইনাৰ দৰেই পাটৰ কপোৰ পিন্ধিলে দেৱলীনাই

ডিজিটেল ডেস্ক: ইখনৰ পিছত সিখনকৈ নিজৰ বিয়াৰ ফটো আৰু ভিডিঅ’ ছ’ছিয়েল মেডিয়াত 'শ্বেয়াৰ' কৰি সম্প্ৰতি লাইমলাইটত আছে অসম কন্যা দেৱলীনা ভট্টাচাৰ্য্য।সম্পৰ্ক তথা বিয়াৰ যো-জা অতি গোপনে চলাই দুদিন পূৰ্বে অনুৰাগীৰ আচৰিত কৰি প্ৰেমিক শ্বানাৱাজ শ্বেখৰ লগত বিয়াত বহিছিল দেৱলীনা।টেলিভিছনৰ অন্যতম জনপ্ৰিয় এই অভিনেত্ৰীগৰাকীয়ে অতি সঘনাই অভিনেতা বিশাল সিঙৰ লগত বহু বিশেষ মুহূৰ্তৰ ফটো ছ’ছিয়েল মেডিয়াত প’ষ্ট কৰে।ইয়াকে লক্ষ্য কৰি অনুৰাগীয়ে এই অভিনেতাজনৰ লগতেই দেৱলীনাৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি অনুমান কৰিছিল।এই সন্দৰ্ভত অৱশ্যে কোনোদিনেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল অভিনেত্ৰীগৰাকীয়ে।কিন্তু অৱশেষত অনুৰাগীৰ সকলো সন্দেহ শেষ কৰি তেওঁৰ প্ৰকৃত প্ৰেমিক শ্বানাৱাজৰ লগত বিয়া পাতিলে দেৱলীনা ভট্টাচাৰ্য্যই।ইয়াৰ পাছতেই দেৱলীনাৰ দৰাক কেন্দ্ৰ কৰি চৌদিশে আৰম্ভ হয় তুমুল চৰ্চা।

Advertisment

বিয়াৰ খবৰ অনুৰাগীক নিদিলেও কিন্তু অভিনেত্ৰীগৰাকীয়ে বিয়াৰ প্ৰতিটো বিয়াৰ প্ৰতিটো কাৰ্যসূচীৰ ভিডিঅ' আৰু ফটো ছচিয়েল মিডিয়াত 'শ্বেয়াৰ' কৰি আছে। অনুৰাগীয়েও অভিনেত্ৰীগৰাকীক তেওঁৰ ৰূপৰ প্ৰশংসাৰে ভৰাই পেলাইছে।

Also Read: ২১ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিল ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ

শেহতীয়াকৈ শ্বেয়াৰ কৰা এটা ভিডিঅত অভিনেত্ৰীগৰাকীক পৰম্পৰাগত অসমীয়া সাজত কইনা হোৱা দেখিবলৈ পোৱা গৈছে।ভিডিঅটোত দেখা পোৱা মতে, দেৱলীনাই বগা পাটৰ কাপোৰৰ সৈতে ডিঙিত সোণৰ গহনা পিন্ধি আইনাৰ সন্মুখত সাজোন কাচোনত ব্যস্ত হৈ আছে।এই বিশেষ ৰূপক প্ৰশংসা কৰি বহুতেই দেৱলীনাক বহু ধৰণৰে মন্তব্য আগবঢ়াইছে। কোনোয়ে যদি তেওঁক সোণালী কইনা বুলি কৈছে, কোনোয়ে আকৌ তেওঁক পৃথিৱীৰ সবাতোকৈ ধুনীয়া কইনাৰ আখ্যা দিছে।

দেৱলীনাৰ বিবাহৰ অনুষ্ঠানত তেওঁৰ অতি ঘনিষ্ঠ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ লোককহে দেখিবলৈ পোৱা গৈছে। উল্লেখ্য, দেৱলীনাৰ স্বামী শ্বানাৱাজ শ্বেখ এগৰাকী জিম প্ৰশিক্ষক।বিগত প্ৰায় তিনি বছৰৰ পৰাই দুয়োজনে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে।