গৰ্ভধাৰণৰ সময়তো একশ্যনধৰ্মী ছবিৰ শ্বুটিঙত ব্যস্ত দীপিকা পাডুকন

কৰ্মৰত মহিলাসকলৰ বাবে গৰ্ভধাৰণ নিসন্দেহে এক ডাঙৰ প্ৰত্যাহ্বান।এই সময়ছোৱাত তেওঁলোকে তেওঁলোকৰ পেছাদাৰী অথবা ঘৰুৱা কামৰ সৈতে নিজৰ তথা গৰ্ভস্থ শিশুটোৰ যত্ন সমানে ল'ব লগীয়া হয়। ছবি জগততো বহু এনে অভিনেত্ৰী আছে, যি সকলে গৰ্ভধাৰণৰ সময়তো কামৰ সৈতে আপোচ কৰা নাই।

author-image
Asomiya Pratidin
New Update
গৰ্ভধাৰণৰ সময়তো একশ্যনধৰ্মী ছবিৰ শ্বুটিঙত ব্যস্ত দীপিকা পাডুকন

ডিজিটেল ডেস্ক: কৰ্মৰত মহিলাসকলৰ বাবে গৰ্ভধাৰণ নিসন্দেহে এক ডাঙৰ প্ৰত্যাহ্বান।এই সময়ছোৱাত তেওঁলোকে তেওঁলোকৰ পেছাদাৰী অথবা ঘৰুৱা কামৰ সৈতে নিজৰ তথা গৰ্ভস্থ শিশুটোৰ যত্ন সমানে ল'ব লগীয়া হয়। ছবি জগততো বহু এনে অভিনেত্ৰী আছে, যি সকলে গৰ্ভধাৰণৰ সময়তো কামৰ সৈতে আপোচ কৰা নাই।এই তালিকাত শেহতীয়াকৈ নাম অন্তৰ্ভূক্ত হৈছে অভিনেত্ৰী  দীপিকা পাডুকোনৰ। 

Advertisment

হয়, গৰ্ভৱতী হৈও দীপিকাই এতিয়া একশ্যনধৰ্মী ছবিৰ দৃশ্যগ্ৰহণত কৰি আছে।তেওঁ সম্প্ৰতি বিশিষ্ট পৰিচালক-প্ৰযোজক ৰোহিত ছেট্টীৰ 'ছিংঘম' ছিৰিজৰ পৰৱৰ্তী ছবি 'ছিংঘম এগেইন'ৰ দৃশ্যগ্ৰহণত  ব্যস্ত। শেহতীয়াকৈ, ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা কেইখনমান ছবি ভাইৰেল হৈছে, য'ত দীপিকাক আৰক্ষী বিষয়াৰ ৰূপত একশ্যন কৰি থকা দেখা গৈছে।

'লেডী ছিংঘম'ৰ ৰূপত এই ফটো ভাইৰেল হোৱাৰ পিছত অধিকাংশ অনুৰাগীয়েই  দীপিকা সঁচাকৈয়ে গৰ্ভৱতী নে নহয়, এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।বহুতেই এই সন্দৰ্ভত তেওঁলোকৰ মতামত ছ'চিয়েল মেডিয়াত মুকলিকৈ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।বহু অনুৰাগীয়ে  অভিনেত্ৰীগৰাকীৰ 'বেবী বাম্প' নেদেখি আচৰিতো হৈছে। তেওঁলোকৰ মতে,  ছাৰোগেচীৰ জৰিয়তে মাতৃ হ'ব দীপিকা।

উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চিত 'ছিংঘম এগেইন'ত দীপিকাৰ লগতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগনে। অক্ষয় কুমাৰ আৰু ৰণবীৰ সিঙকো দৰ্শকে ছবিখনত কেমিঅ' চৰিত্ৰত দেখিবলৈ পাব। ছবিখনৰ এটা বিশেষ গীতত কৰীণা কাপুৰক টাইগাৰ শ্ৰফ আৰু অজয় দেৱগানৰ সৈতে দেখা যাব।চলিত বৰ্ষৰে ১৫ আগষ্টত এই ছবিখনে মুক্তি লাভ কৰিব।

Also Read: ধৰ্মীয় অনুভূতিত আঘাত হানি সমস্যাত 'নবাব'ৰ পত্নী