দীপিকাৰ আকৰ্ষণীয় চুলি, গুলপীয়া গালৰ ৰহস্য আপুনিও জানি লওক

পিছে, মহিলা-যুৱতীৰ এই উৎসুকতাৰ এতিয়া অৱসান ঘটিছে। হয়, বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকাই শেহতীয়াকৈ ৰাজহুৱা কৰিছে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য।

author-image
Asomiya Pratidin
New Update
দীপিকাৰ আকৰ্ষণীয় চুলি, গুলপীয়া গালৰ ৰহস্য আপুনিও জানি লওক

ডিজিটেল ডেস্ক: ব্যতিক্ৰমী ব্যক্তিত্ব,অদমনীয় অভিনয়ৰ সমান্তৰালকৈ অপৰূপ সৌন্দৰ্যৰ বাবে সদায়েই চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন। সকলোৱে তেওঁৰ পৰিস্কাৰ আৰু উজ্জ্বল ছালৰ ৰহস্য জানিবলৈ বৰ উৎসুক হৈ থাকে।পিছে, মহিলা-যুৱতীৰ এই উৎসুকতাৰ এতিয়া অৱসান ঘটিছে। হয়, বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকাই শেহতীয়াকৈ ৰাজহুৱা কৰিছে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য।

Advertisment

উজ্জ্বল ছাল আৰু ধুনীয়া চুলিৰ আঁৰৰ ৰহস্যৰ বিষয়ে দীপিকাই কয়, ‘মোৰ সৌন্দৰ্য বজাই ৰাখিবলৈ পুষ্টিকৰ আহাৰ খাওঁ, নিয়মীয়া ব্যায়াম কৰো আৰু বাহিৰা সামগ্ৰীতকৈ ঘৰুৱা সামগ্ৰীয়েই চাল-চুলিৰ যত্ন লওঁ। যদি আপুনিও ধুনীয়া হৈ থাকিবলৈ বিচাৰে, সদায়েই সময়ে সময়ে মুখখন ‘ময়েশ্চাৰাইজ’ কৰিব। ইয়াৰ অবিহনে মুখখন শেতা হৈ পৰে।’

আনহাতে, চুলিৰ উজ্জ্বলতা বজাই ৰাখিবলৈ দীপিকাই তেওঁৰ পুষ্টিৰ প্ৰতি যথেষ্ট মনোযোগ দিয়ে। তেওঁ নাৰিকল তেলৰে চুলি মালিচ কৰে, যাতে চুলিবোৰ চিকচিকীয়া হৈ থাকে। নাৰিকল তেলে চুলি শক্তিশালী কৰাৰ লগতে চুলিক বহু পুষ্টিও যোগান ধৰে।দীপিকাই লগতে কয়, ‘ছালৰ সৌন্দৰ্য সদায় সুস্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। ছাল স্বাস্থ্যৱান ৰাখিবলৈ আমি সময়ে সময়ে ইয়াক আৰ্দ্ৰ কৰা উচিত। নিশা টোপনি যোৱাৰ আগতে ছালখন পৰিস্কাৰ আৰু বাহিৰলৈ ওলাই যোৱাৰ আগতে ছালত সদায় ছানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।’ অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, স্বাস্থ্যৱান ছালৰ বাবে গোটেই দিনটো যথেষ্ট পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে এক সন্তুলিত আহাৰ আৰু টোপনিৰো প্ৰয়োজন। ছালে আহাৰৰ জৰিয়তে পৰ্যাপ্ত পুষ্টি লাভ কৰে। আমি অত্যাধিক বজাৰত উপলব্ধ সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰা উচিত নহয়। সৌন্দৰ্য চৰ্চাৰ সামগ্ৰীসমূহ ঘৰুৱা হ’লে ছালখন অধিক উপকৃত হয়। তদুপৰি ভাল ‘ফিটনেছ’য়ে সৌন্দৰ্য বৃদ্ধি কৰে। সেয়েহে সদায় পুষ্টিকৰ খাদ্য খাবলৈ সকলোকে আহ্বান জনাই দীপিকা পাডুকনে।

Also Read: ৰঙালী বিহু : কোন শিল্পীৰ সংগীতানুষ্ঠান ক'ত চাব