/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/46e36699-887c-49b9-b6d5-59614e557ac6/AP_FOR_WEB_Bihu.jpg)
ডিজিটেল ডেস্কঃ ৰঙালী বিহুকলৈ সমগ্ৰ ৰাজ্যতে অসমবাসীৰ মনত ব্যাপক উৎসাহ-উদ্দীপনা। ব্যতিক্ৰম নহয় অসমৰ বাহিৰত থকা প্ৰবাসী অসমীয়া লোকসকলো। ইত্যিমধ্য ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ সাজু হৈছে সংগীত শিল্পীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/78a8b5fc-da86-4a81-88d1-90eeb2a30fe8/images.jpg)
জুবিন গাৰ্গ
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে গৰু বিহুৰ দিনাই তেওঁৰ এই বৰ্ষৰ ৰঙালী বিহুৰ সংগীতানুষ্ঠানৰ শুভাৰম্ভ কৰে। ১৪ এপ্ৰিলৰ নিশা তেওঁ খাৰঘুলি বিহু মঞ্চত সংগীত পৰিবেশন কৰে। ১৫ আৰু ১৬ এপ্ৰিলত ক্ৰমে তেওঁ গুৱাহাটীৰে আৰ্য নগৰ আৰু বঙাইগাঁৱৰ বিহু মঞ্চত সংগীত পৰিবেশন কৰিব। তেওঁৰ লগত সহশিল্পী হিচাপে থাকিব শতাব্দী বৰা আৰু মেঘনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/af2ad02d-5704-4da6-a334-f06eff198bca/download.jpg)
কুমাৰ ভৱেশ
৯০ দশকৰে অসমৰ জনপ্ৰিয় শিল্পীসকলৰ ভিতৰত অন্যতম শিল্পী কুমাৰ ভৱেশ। অইন বছৰৰ দৰে এই বছৰো সংগীতানুষ্ঠান কৰাৰ বাবে সাজু হৈ উঠিছে কুমাৰ ভৱেশ। এইবাৰ তেওঁ ১৪ এপ্ৰিলত মহানগৰীৰ গোপাল নগৰৰ পৰাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি তেওঁৰ অনুষ্ঠান পৰিবেশন কৰিব গুৱাহাটী,ৰাজগড়ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/17ac1fd4-18b1-4dbf-b855-a548851fa0dc/download.jpg)
নীল আকাশ
নতুন প্ৰজন্মৰ জনপ্ৰিয় শিল্পীসকলৰ ভিতৰত নীল আকাশ অন্যতম। তেওঁৰ সুৰীয়া কণ্ঠৰে শ্ৰোতাক ওচৰ চপাই আনিব পৰা ক্ষমতা আছে। ১৫ এপ্ৰিলত তেওঁ নুনমাটীত সংগীত পৰিবেশন কৰিব আৰু ১৬ এপ্ৰিলত কমলপুৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b2ab6941-894b-4c38-806a-2e33c30278dd/341632576_931622264705763_6851989663985882860_n.jpg)
নাহিদ আফ্ৰিন
আন আন শিল্পীৰ দৰে এইবাৰো ৰঙলী বিহুৰ অনুষ্ঠানৰ বাবে সাজু হৈছে নাহিদ আফ্ৰিন। সুৰীয়া কণ্ঠৰে তেওঁ শ্ৰোতা-দৰ্শকক দিব বিশেষ আমোদ। তেওঁ ১৪ এপ্ৰিলত গুৱাহাটী বাঘৰবড়ীত অনুষ্ঠান কৰাৰ পাছত আজি তেওঁ উত্তৰ শালমাৰাত অনুষ্ঠান পৰিবেশন কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/22f843ea-8d76-4a04-80dc-2fb8d72fd844/download.jpg)
জুবলী বৰুৱা
জুবলী বৰুৱাৰো আছে এক সুকীয়া গায়িকী। তেওঁৰ সুৰীয়া কণ্ঠেৰে শ্ৰোতাক দিয়ে অময়া সুৰ। এইগৰাকী শিল্পীৰ অনুষ্ঠান আজি উপভোগ কৰিব পাৰিব কুকুৰমাৰত। অৱশ্যে গুৱাহাটীবাসীয়ে কাইলৈ ১৬ এপ্ৰিলত সোণাৰাম খেলপথাৰতো জুৱলীৰ সংগীতানুষ্ঠান উপভোগ কৰিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/51dda8da-58df-4e86-89b4-76c9c53528dc/download.jpg)
প্ৰিয়ংকা ভৰালী
ব্যস্ত শিল্পীসকলৰ ভিতৰত প্ৰিয়ংকা ভৰালী অন্য এটা নাম। তেওঁ গৰু বিহুৰ নিশা বকোত অনুষ্ঠান কৰাৰ পাছত আজি মানুহ বিহুৰ নিশা গুৱাহাটী নাৰেঙ্গী আৰু খানাপাৰাত সংগীত পৰিবেশন কৰিব। আনহাতে ১৬ এপ্ৰিলৰ নিশা চান্দমাৰী আৰু খাৰঘুলিত অনুষ্ঠান কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/14971e78-3f37-4bf2-adb6-2e27f05835f9/download.jpg)
ভৃগু কাশ্যপ
ভৃগু কাশ্যপৰো আছে একাংশ নিজা দৰ্শক। যিয়ে তেওঁৰ গীতৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। তেওঁ আজি মানুহ বিহুৰ নিশা মহানগৰীৰ পাণ্ডু বিহু মঞ্চত অনুষ্ঠান পৰিবেশন কৰিব। ১৬ এপ্ৰিলৰ নিশা নলবাৰী বেলশৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/23a90cb5-6ee2-4240-8633-f72a15d99ce1/341141387_177790488473263_3569414661840166881_n.jpg)
আচুৰ্য বৰপাত্ৰ
বৰ্তমান সময়ত ব্যস্ত আৰু জনপ্ৰিয় শিল্পী সকলৰ মাজত আচুৰ্য বৰপাত্ৰ অন্যতম। কণ্ঠৰ যাদুৰে শ্ৰোতাৰ মনত কেনেকৈ ঠাই ল'ব লাগে তাক ভালকৈ জানে। শেহতীয়াকৈ মুকলি হোৱা গীতবোৰেই ইয়াৰ নিদৰ্শন। এইগৰাকী শিল্পীয়ে আজি দিল্লীৰ গুৰগাঁৱত অনুষ্ঠান পৰিবেশন কৰিব। আনহাতে কাইলৈ ১৬ এপ্ৰিলৰ নিশা নুনমাটীত।
Also Read: সাতামপুৰীয়া পৰম্পৰা ৰক্ষা কৰি শ্রীশ্রী বটদ্রৱা থানত গোসাঁই 'বা' দিয়া পৰ্ব