দীপিকাক নতুন ৰূপত চাবলৈ আপুনি সাজুনে ?

গৰ্ভধাৰণৰ খবৰ ৰাজহুৱা হোৱাৰ পৰাই চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ 'দিম্পল গাৰ্ল' দীপিকা পাডুকন।পিছে শেহতীয়াকৈ আন এক বিষয়ৰ বাবে চৌদিশ চৰ্চা চলিছে এইগৰাকী অভিনেত্ৰীৰ।হয়, বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পালে দীপিকাৰ পৰৱৰ্তী ছবি 'কল্কি ২৮৯৮এডি'ৰ ট্ৰেইলাৰ।

author-image
Asomiya Pratidin
New Update
দীপিকাক নতুন ৰূপত চাবলৈ আপুনি সাজুনে ?

ডিজিটেল ডেস্ক: গৰ্ভধাৰণৰ খবৰ ৰাজহুৱা হোৱাৰ পৰাই চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ 'দিম্পল গাৰ্ল' দীপিকা পাডুকন।পিছে শেহতীয়াকৈ আন এক বিষয়ৰ বাবে চৌদিশ চৰ্চা চলিছে এইগৰাকী অভিনেত্ৰীৰ।হয়, বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পালে দীপিকাৰ পৰৱৰ্তী ছবি 'কল্কি ২৮৯৮এডি'ৰ ট্ৰেইলাৰ। দুদিন পূৰ্বে টুইটাৰত 'বৈজয়ন্তী মুভিজ'য়ে এই ছবিখনৰ এখন প'ষ্টাৰো অনুৰাগীৰ বাবে মুকলি কৰে।

Advertisment

নাম ঘোষণা হোৱাৰ দিনাৰ পৰাই চৰ্চাত থকা এই ছবিখনত অমিতাভ বচ্চন, প্ৰভাস, কমল হাছান আৰু দিশা পাটানীয়েও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।'কল্কি ২৮৯৮ এডি' নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত। 'বৈজয়ন্তী মুভিজ'ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ মুক্তিৰ দিন চলিত বৰ্ষৰ ২৭ জুনত নিৰ্ধাৰণ কৰা হৈছে।

ইফালে, বিগত মাহত নিৰ্মাতাসকলে কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)ৰ মাজত অনুষ্ঠিত আই পি এল খেলৰ সময়ত ছবিখনৰ পৰা অমিতাভৰ চেহেৰাৰ এটা টিজাৰ শ্বেয়াৰ কৰিছিল। ২১ ছেকেণ্ডৰ টিজাৰটোত অমিতাভ বচ্চনক এটা গুহাত বহি শিৱলিংগক প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈছে।

'কল্কি ২৮৯৮ এডি'ৰ ট্ৰেইলাৰ আৰু প'ষ্টাৰ মুকলিৰ পাছতেই অনুৰাগীসকল দীপিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।দীপিকাৰ স্বামী ৰণবীৰ সিঙেও স্বাভাৱিকভাৱেই অভিনেত্ৰীগৰাকীৰ খুব প্ৰশংসা কৰে।আনহাতে, অগনন অনুৰাগীসকলে দীপিকাক উদ্দ্যেশি ছ'চিয়েল মেডিয়াত বহু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।এজনে লেখিছে, 'এয়া অসাধাৰণ, দীপিকাক যিমানেই প্ৰশংসা কৰা হয়, সিমানেই হয়তো কম হ'ব।' আন এজনে লেখিছে, 'অৱশেষত ৰাণী আহিল, বলীউডত আধিপত্য ৰক্ষা কেৱল দীপিকাইহে কৰি আছে।' একাংশই দীপিকাৰ নতুন ৰূপক একেমূখে প্ৰশংসা কৰিছে।বহুতেই অভিনেত্ৰীগৰাকীক গৰ্ভৱতী হোৱাৰ বাবে আকৌ শুভকামনাও জ্ঞাপন কৰিছে।

Also Read: একেদিনাই মুক্তি পাব জন আব্ৰাহামৰ ‘বেদা’, আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দ্য ৰুল’