নতুন কৌশল ! দীপিকাৰ প্ৰশংসাত পঞ্চমুখ হ’ল ৰণবীৰ

বলীউডৰ 'ডিম্পল গাৰ্ল' দীপিকা পাডুকন বিগত কেইদিনমানৰ পৰা খুবেই চৰ্চাত আছে।গৰ্ভধাৰণ কৰাৰ পাছৰে পৰাই অভিনেত্ৰীগৰাকী প্ৰায় প্ৰতিদিনেই সমালোচনাৰ বলি হৈছে।ৰাজহুৱা স্থানত তেওঁক দেখাৰ পাছতেই ছ’চিয়েল মাধ্যমত তেওঁক সমালোচনা কৰি বহুজনে বহু মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
নতুন কৌশল ! দীপিকাৰ প্ৰশংসাত পঞ্চমুখ হ’ল ৰণবীৰ

ডিজিটেল ডেস্ক: বলীউডৰ 'ডিম্পল গাৰ্ল' দীপিকা পাডুকন বিগত কেইদিনমানৰ পৰা খুবেই চৰ্চাত আছে।গৰ্ভধাৰণ কৰাৰ পাছৰে পৰাই অভিনেত্ৰীগৰাকী প্ৰায় প্ৰতিদিনেই সমালোচনাৰ বলি হৈছে।ৰাজহুৱা স্থানত তেওঁক দেখাৰ পাছতেই ছ’চিয়েল মাধ্যমত তেওঁক সমালোচনা কৰি বহুজনে বহু মন্তব্য কৰে।তেওঁক সমালোচনা কৰাৰ প্ৰধান কাৰণটোয়েই হৈছে তেওঁৰ ‘বেবী বাম্প’।পিছে এইবাৰ সমালোচকক উচিত প্ৰত্যুত্তৰ দিলে দীপিকাৰ স্বামী ৰণবীৰ সিঙে।ৰণবীৰে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত দীপিকাক প্ৰশংসাৰে উপচাই পেলাই ট্ৰ'লাৰসকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে।

Advertisment

শেহতীয়াকৈ, দীপিকাই খুব সুন্দৰ হালধীয়া গাউন পিন্ধি তেওঁৰ ‘স্কিনকেয়াৰ ব্ৰেণ্ড’ৰ এক অনুষ্ঠানত উপস্থিত হৈছিল। য’ত তেওঁৰ ‘বেবী বাম্প’ স্পষ্টকৈ দেখা পোৱা গৈছিল।এই অনুষ্ঠানৰে কেইখনমান ফটো ৰণবীৰে ‘ইনষ্টা ষ্টৰী’ত শ্বেয়াৰ কৰি লেখিছে, 'বুৰি নজৰ ৱালে তেৰা মুহা কলা'।দ্বিতীয় খন ফটো শ্বেয়াৰ কৰি অভিনেতাজনে উল্লেখ কৰে, 'উফ, মই কি কৰা উচিত, মৰি যাও ? ইয়াতে ক্ষান্ত নাথাকি তেওঁ আন এখন ফটোও শ্বেয়াৰ কৰে, য’ত লেখিছে– 'মাই ছানছাইন।’ বহুতৰ মতে ৰণবীৰে তেওঁৰ পত্নীক এইদৰে সমৰ্থন কৰি সমালোচকৰ মুখ বন্ধ কৰিছে।এয়া ৰণবীৰৰ এক নতুন কৌশল।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে মহাৰাষ্ট্ৰত ভোটদান অনুষ্ঠিত হওঁতে দীপিকা তেওঁৰ স্বামী ৰণবীৰৰ সৈতে ভোটদান কেন্দ্ৰত উপস্থিত হৈছিল।সেই সময়ত তেওঁ ভিৰৰ মাজত নিজকে খুব চম্ভালি থকা দেখা গৈছিল। ইয়াৰ পিছতে বহুতেই অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণ আৰু ‘বেবী বাম্প’ক ভূৱা বুলি ক'বলৈ আৰম্ভ কৰিছিল।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত