অনুৰাগীৰ উপহাৰে উদঙালে প্ৰকৃত সত্য

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে জন্ম দিব পুত্ৰ সন্তান।এয়া পিছে আমি কোৱা কথা নহয়, এই বিষয়ে দীপিকাৰ অনুৰাগীয়েহে মুকলিকৈ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
অনুৰাগীৰ উপহাৰে উদঙালে প্ৰকৃত সত্য

deepika expecting a baby boy

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে জন্ম দিব পুত্ৰ সন্তান।এয়া পিছে আমি কোৱা কথা নহয়, এই বিষয়ে দীপিকাৰ অনুৰাগীয়েহে মুকলিকৈ প্ৰকাশ কৰিছে। এটা উপহাৰক কেন্দ্ৰ কৰিয়েই এই বিষয়টো চৰ্চালৈ আহিছে।

Advertisment

হয়, বলীউডৰ অন্যতম জনপ্ৰিয় যুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ছেপ্টেম্বৰত লাভ কৰিব নতুন পৰিচয়।তেওঁলোক দুয়ো হ'ব অভিভাৱক।দিন যিমানেই ওচৰ চাপিছে, সিমানেই দুয়োৰে অনুৰাগীৰ উৎসুকতা বৃদ্ধি হৈছে।অনুৰাগীয়ে হ'বলগীয়া মাতৃ দীপিকাক দিয়া এক উপহাৰৰ ফটো ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে।য'ত দীপিকাই পুত্ৰ সন্তান জন্ম দিব বুলি সকলো নিশ্চিত হৈছে।

প্ৰকৃততে, এটা উপহাৰ প্ৰতিষ্ঠানে কিছুমান উপহাৰৰ আভাস দেখুৱাইছে।ইয়াত লেখা আছে যে দীপিকাই সেই উপহাৰ অৰ্ডাৰ কৰিছে। উপহাৰ নীলা সূতাৰে মেৰিয়াই থোৱা আছে। এই প'ষ্টটো শ্বেয়াৰ কৰি এগৰাকী ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে লেখিছে, 'মই ক'ৰবাত পঢ়িছিলো যে দীপিকা পাডুকনৰ পুত্ৰ সন্তান হ'ব পাৰে। মই এইটো এটা ব্ৰেণ্ডৰ পৃষ্ঠাত দেখিছিলো আৰু এটা স্ক্ৰীণশ্বট লৈছিলো। এয়া অৱশ্যে পেকেজিঙৰ এক উপায়ো হ'ব পাৰে।' 

ছ'চিয়েল মিডিয়াত এই ছবিখন ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে অনুমান কৰিবলৈ আৰম্ভ কৰিছে যে ৰণবীৰ আৰু দীপিকাই পুত্ৰ সন্তান জন্ম দিব। অৱশ্যে, এই বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰাপ্ত হোৱা নাই। দুদিন পূৰ্বে দীপিকা পাডুকনক এখন ৰেষ্টুৰেণ্টৰ বাহিৰত দেখা গৈছিল। এই সময়ছোৱাত অৱশ্যে ৰণবীৰ সিং বা তেওঁৰ পৰিয়ালৰ আন কোনো সদস্য নাছিল।

উল্লেখ্য যে, প্ৰায় ছয় বছৰ ধৰি ইজনে সিজনক 'ডেট' কৰাৰ পিছত ২০১৮ চনৰ নৱেম্বৰত দুয়ো ইটালীত বিবাহপাশত আৱদ্ধ হৈছিল।

Also Read: স্বামীৰ একমাত্ৰ কন্যাৰ জন্মদিন, ছ’চিয়েল মেডিয়াত কৰীণাৰ ‘বিশেষ’ প’ষ্ট