আজি 'ডিম্পল গাৰ্ল' দীপিকাৰ জন্মদিন, জনাওঁক শুভেচ্ছা

আজি 'ডিম্পল গাৰ্ল' দীপিকাৰ জন্মদিন, জনাওঁক শুভেচ্ছা

ডিজিটেল ডেস্ক: দীপিকা পাডুকন, নামেই যাৰ পৰিচয়।হয়, বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম বলীউডৰ অতি জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন।অদমনীয় অভিনয় দক্ষতা তথা অতুলনীয় সৌন্দৰ্যৰে প্ৰতিগৰাকী দৰ্শকক আকৰ্ষণ কৰা দিপীকাৰ আজি জন্মদিন। আজিৰ এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীৰ অগনণ অনুৰাগীৰ শুভেচ্ছা বাৰ্তাৰে ভৰি পৰিছে ছ'ছিয়েল মেডিয়া।অভিনেত্ৰীগৰাকীৰ স্বামী ৰণবীৰ সিঙৰ লগতে বলীউডৰ বহু আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়েও ছ'ছিয়েল মেডিয়াৰ যোগেৰে দীপিকাক জনাইছে আন্তৰিক শুভকামনা।

‘লেকমী ফেশ্বন উইক’ত এগৰাকী মডেল হিচাপে ‘গ্লেমাৰ’ জগতত আত্মপ্ৰকাশ কৰি কাতাৰ বিশ্বকাপ ফুটবলৰ ট্ৰফী উদ্বোধনৰে ইতিহাস ৰচনা কৰালৈকে দীপিকাই খুব কম দিনতে গঢ়িলে এক ইৰ্ষণীয় কেৰিয়াৰ। এইগৰাকী অভিনেত্ৰীয়ে ‘কাঁ ২০২২’ তো ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বব্যাপী সুনাম অৰ্জন কৰিছে। 

ডিম্পল গাৰ্ল দীপিকা আজি ৩৮ বছৰীয়া হ’ল। এইগৰাকী অভিনেত্ৰীয়ে ভাৰতীয় ছবি জগতত সৰ্বাধিক উপাৰ্জন কৰা তাৰকাসকলৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

দীপিকাৰ জন্ম ১৯৮৬ চনত ডেনমাৰ্কৰ কোপেনহেগেনত।বাংগালুৰুত ডাঙৰ-দীঘল হোৱা পাডুকনে সৰুৰে পৰাই অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল।দীপিকাৰ পিতৃ কিংবদন্তী বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকন।সেয়ে স্বাভাৱিকভাৱে দীপিকা বেডমিণ্টনৰ প্ৰতিও দুৰ্বল আছিল। মডেলিঙৰে কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলিছিল। ৰাজ্যিক পৰ্যায়ৰ বেছবল টুৰ্ণামেণ্ট খেলুৱৈ হিচাপেও আছে দীপিকাৰ আন এক পৰিচয়।

বহুতে হয়তো নাজানে য়ে দীপিকা শিশু মডেল হিচাপেও জনপ্ৰিয় আছিল।বৰ্তমানৰ সবাতোকৈ চৰ্চিত অভিনেত্ৰী হিচাপে পৰিচিত দীপিকাই ২০০৪ চনত এগৰাকী মডেল হিচাপে আত্মপ্ৰকাশ কৰাৰ পাছত বহু টেলিভিছন বিজ্ঞাপনত অভিনয় কৰাৰ লগতে ‘কিংফিছাৰ ফেশ্বন এৱাৰ্ডছ’ত 'মডেল অফ দা ইয়েৰ' খিতাপ অৰ্জন কৰিছিল।তাৰ পাছত আৰু দিপীকা পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই।

এইগৰাকী অভিনেত্ৰী ২০০৫ চনত মায়ানগৰী মুম্বাইলৈ আহি জনপ্ৰিয় সংগীত পৰিচালক-প্ৰযোজক তথা অভিনেতা হিমেশ ৰেছমিয়াৰ ‘নাম হে তেৰা’ গানটোত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।দীপিকাৰ প্ৰথমখন ছবি আছিল এখন কানাড়া ছবি। ‘ঐশ্বৰ্য’ শীৰ্ষক এই ছবিখন কানাড়া ছবি উদ্যোগত বাণিজ্যিকভাৱে সফল হোৱা এক অন্যতম ছবি।২০০৭ চনত দীপিকাই বলীউডৰ সফল পৰিচালক তথা কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানৰ ‘ওম শান্তি ওম’ত শ্বাহৰুখ খানৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি বলীউডত খোজ দিয়ে।’গলিয়োঁ কি ৰাসলীলা ৰাম-লীলা’, ‘ছপাক’, ‘ফাইণ্ডিং ফেনি’, ‘পিকু’, ‘তামাচা’, ‘বাজিৰাও মস্তানি’, ‘পদ্মাৱত’, ‘ক’কটেল’, ‘ৰেচ ২’, ‘য়ে জৱানী হে দিৱানী’, ‘চেন্নাই এক্সপ্ৰেছ’, ‘বচনা এ হাসিনো’, ‘চান্দনী চ’ক টু চাইনা’, ‘লাভ আজ কল’, ‘কাৰ্তিক কলিং কাৰ্তিক’, ‘লফাংগে পৰিন্দে’ আদি হৈছে দীপিকাই অভিনয় কৰা বলীউডৰ কেইখনমান সফল ছবি।

আজি 'ডিম্পল গাৰ্ল' দীপিকাৰ জন্মদিন, জনাওঁক শুভেচ্ছা
নতুন আলহীক আদৰিবলৈ সাজু বিকি-কেটৰিনা

২০১৭চনত দীপিকাই ভিন ডিজেলৰ সৈতে ‘এক্স: ৰিটাৰ্ণ অফ জেণ্ডাৰ কেজ’ৰ জৰিয়তে হলিউডত আত্মপ্ৰকাশ কৰে। আনহাতে, ২০২২ চনত ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত জুৰীত দেখা গৈছিল দীপিকাক। অভিনেত্ৰী বিদ্যা বালানৰ পিছত কাঁৰ জুৰীত দেখা পোৱা দীপিকা হৈছে দ্বিতীয় ভাৰতীয়।

২০১৮ চনত অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা দীপিকাৰ আছে এখন সুখৰ সংসাৰ।সকলোৰে প্ৰিয় এই অভিনেত্ৰীগৰাকীক এই বৰ্ষত ইতিমধ্যেই বহু চৰ্চিত ছবি ‘পাথান’, ‘ফাইটাৰ’ আৰু  ‘জৱান’ত দৰ্শকে দেখিবলৈ পাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in