গোপনে বিয়াত বহিল দেৱলীনা !

গোপনে বিয়াত বহিল দেৱলীনা !

ডিজিটেল ডেস্ক: পাঞ্জাৱৰ বোৱাৰী হ’ল অসম কন্যা দেৱলীনা ভট্টাচাৰ্য্য।সুকীয়া অভিনয় দক্ষতাৰ বাবে খুব কম দিনৰ ভিতৰতে দেশবাসীৰ আপোন হৈ পৰা দেৱলীনাই কইনা হৈ গাত সানিলে মাহ- হালধি।হালধি লগাই স্বামী বিশাল সিঙৰ সৈতে ৰোমান্টিক গীতত নৃত্য কৰাৰ ভিডিঅ’ আৰু ফটো ছ’ছিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া এই বিয়াক কেন্দ্ৰ কৰি চৌদিশে চৰ্চা আৰম্ভ হৈছে।

দেৱলীনা ভট্টাচাৰ্যই এক হালধি অনুষ্ঠানৰ ভিডিঅ' ‘শ্বেয়াৰ’ কৰি বিশাল সিঙক ‘টেগ’ কৰিছে। য’ত দেৱলীনাক হালধীয়া পোছাক, বিবাহিত মহিলাই পৰিধান কৰা পৰম্পৰাগত বঙালী খাৰু ‘শাখা’, ‘পোলা’, ফুলৰ গহনাৰ সৈতে দুয়োহাতত মেহেন্দী লগোৱা দেখা গৈছে। বিশালৰ সৈতে উঠা ফটোত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মেহেন্দী অনুৰাগীক প্ৰদৰ্শন কৰিছে।অৱশ্যে এই বিয়াখন ক’ত সম্পন্ন হৈছে, সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই।

অৱশ্যে দুয়োজনে বৰ্তমানলৈ এয়া তেওঁলোকৰ বিয়া নে আন কাৰোবাৰ বিয়াৰ ফটো, সেয়া স্পষ্ট কৰা নাই।উল্লেখ্য, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেৱলীনাই বিশাল সিঙৰ লগত তেওঁৰ সম্পৰ্কৰ কথা পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছিল। ইয়াৰ পাছতেই স্বাভাৱিকভাৱেই অনুৰাগীসকলে এই যুটীটোক শুভকামনা দিয়াৰ লগতে তেওঁলোকৰ বিয়াৰ বাবে অপেক্ষা কৰি আছিল।

গোপনে বিয়াত বহিল দেৱলীনা !
অপেক্ষাৰ অন্ত ! কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে

এইগৰাকী বহুচৰ্চিত অভিনেত্ৰী তেওঁৰ নামতকৈ সমগ্ৰ দেশতে ‘গোপী বহু’ হিচাপেহে বেছি পৰিচিত।অতি জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘ছাথ নিভানা ছথিয়া’ত দেৱলীনায়ে ‘গোপী বহু’ৰ চৰিত্ৰত অভিনয় কৰিছিল।শিৱসাগৰত জন্মগ্ৰহণ কৰা দেৱলীনায়ে ‘ছাৱৰে ছৱকে ছপনে প্ৰীত’ ধাৰাবাহিকখনতো অন্যতম মূখ্য চৰিত্ৰত অভিনয় কৰিছিল। দেৱলীনাই চৰ্চিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৩’ত প্ৰতিযোগী হিচাপে আৰু এই শ্ব’টোৰ ১৪ আৰু ১৫ সংস্কৰণতো অংশ লৈছিল।ছ’ছিয়েল মেডিয়াত অত্যন্ত সক্ৰিয় দেৱলীনাই বহু কেইখন হিন্দী ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰাৰো সুযোগ লাভ কৰিছে।আনহাতে, বিশাল সিঙে দেৱলীনাৰ সৈতে  ‘ছাথ নিভানা ছথিয়া’ত একেলগে অভিনয় কৰিছিল।তেতিয়াৰে পৰাই দেৱলীনা আৰু বিশালৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in